খালিস্তানী সমৰ্থকৰ কাণ্ডক দুখজনক আখ্যা হোৱাইট হাউচৰ,ক’লে-এয়া সচাঁকৈয়ে দৃষ্টিকটু

0 224

আমেৰিকাত ভাৰতীয় দূতাৱাসৰ বাহিৰত বিগত সপ্তাহত মহাত্মা গান্ধীৰ মূৰ্তিৰ সৈতে অভদ্ৰতা আচৰণ কৰাৰ ঘটনাক নিন্দা কৰিছে সচেতন মহলে। হোৱাইট হাউচে এই ঘটনাক ভয়াৱহ বুলি অভিহিত কৰিছে। হোৱাইট হাউচে কয় যে, ৬ মাহৰ কম সময়ত গান্ধী প্ৰতিমাৰ সৈতে এনে ব্যৱহাৰৰ এইটো দ্বিতীয় ঘটনা।

উল্লেখ্য যে, কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ বিৰোধকাৰী কৃষকৰ সমৰ্থনত খালিস্তানী সমৰ্থকে ১২ ডিচেম্বৰত ভাৰতীয় দূতাৱাসৰ সমূখত বিৰোধ প্ৰদৰ্শন কৰিছিল আৰু মহাত্মা গান্ধীৰ মূৰ্তিৰ মূৰ্তি খালিস্তানী পতাকাৰে ঢাকি দিছিল।

হোৱাইট হাউচৰ প্ৰেছ সচিব কাইলে মেকনীয়ে মঙলবাৰে এক প্ৰেছ বি়জ্ঞপ্তিত কয় যে, এই ঘটনা যথেষ্ট ভয়াৱহ আৰু দুখজনক ঘটনা। কোনো মূৰ্তি বা স্মাৰকৰ অনাদৰ কৰা উচিত নহয়। বিশেষকৈ গান্ধীৰ দৰে মহাত্মাক লগত এনে ব্যৱহাৰ কৰা একেবাৰে অনুচিত। শান্তি, ন্যায় আৰু স্বতন্ত্ৰতাৰ বাবে আকুন্ঠ যুঁজ দিয়া ব্যক্তিজনক এনে ব্যৱহাৰ কৰা এনেবাৰে দৃষ্টিকটু বুলি মন্তব্য কৰে প্ৰেছ সচিৱগৰাকীয়ে।

media school
Leave A Reply

Your email address will not be published.