দৈহিক উচ্চতা মাত্ৰ ২ ফুট;তাৰ পাছতো এগৰাকী জনপ্ৰিয় নায়িকা তেওঁ,চাওক এই বিশেষ প্ৰতিবেদন—-

0 219

সমাজৰ কোনো লোক সাধাৰণ মানুহতকৈ কিছু পৃথক হ’লেই সমাজত উপহাসৰ পাত্ৰ হয়।বিশেষকৈ যিসকল লোক শাৰীৰিকভাৱে আনৰ তুলনাত শকত বা ক্ষীণ, ওখ বা চাপৰ হয় তেওঁলোকক সমাজে কিছু পৃথক দৃষ্টিভংগী ৰাখে।
কিন্তু সৌভাগ্যৱশত মহাৰাষ্ট্ৰৰ নাগৰপুৰৰ জ্যোতি কিষাণজি অমগে পাইছে চেলিব্ৰেটীৰ দৰেই ব্যৱহাৰ।

জ্যোতি কিষাণজি অমগ,এগৰাকী ২৭বছৰীয়া কিশোৰী।কিন্তু দেখিবলৈ তেনেই কণমানি।কিয়নো জ্যোতিৰ দৈহিক উচ্চতা মাত্ৰ ২ফুট।দৰাচলতে পাচ বছৰ বয়সত জ্যোতি আক্ৰান্ত হৈছিল এক অচিন ৰোগত।যাৰ ফলত এক নিৰ্দিষ্ট সীমাৰ পাছত জ্যোতিৰ উচ্চতা পুনৰ বৃদ্ধি ন’হল।

অৱশ্যে শাৰীৰিকভাৱে কিছু ব্যতিক্ৰমী হ’লেও জ্যোতিৰ আছে এক সুকীয়া আৰু নিজস্ব পৰিচয়। অস্বাভাৱিক শাৰীৰিক উচ্চতাৰ বাবে বিশ্বৰ ক্ষুদ্ৰকায় নাৰী হিচাপে জ্যোতিয়ে স্থান পাইছে গীণিজ ৱল্ড ৰেকৰ্ডত।ইতিমধ্যে জ্যোতিয়ে নানা টিভি শ্ব’ত সগৌৰৱে উপস্থিত হয়। মিকা সিঙৰ গানৰ ভিডিঅ’তো ভুমুকি মাৰিছে জ্যোতিয়ে। তদুপৰি জ্যোতিক লৈ পৃথকে এখন তথ্যচিত্ৰও নিৰ্মাণ হৈছে, যাৰ নাম টু ফুট টল টিন।

media school
Leave A Reply

Your email address will not be published.