পেঞ্চনাৰ সকলৰ বাবে এক সুখবৰ—

0 371

পেঞ্চনাৰ সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। কৰ’ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হ’ল জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ শেষ তাৰিখ। পেঞ্চনাৰসকলে নৱেম্বৰৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীৰ ২৮ তাৰিখ পৰ্যন্ত জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ। দেওবাৰে এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ। আনহাতে ৮০ উৰ্ধৰ লোকৰ বাবে জীৱন প্ৰমাণ পত্ৰ দাখিলৰ বাবে কৰা হৈছে আন এক বিশেষ ব্যৱস্থা। প্ৰমাণ পত্ৰ জমা দিবলৈ বেংকত উপলব্ধ হ’ব বিশেষ কক্ষ।

কৰ’ণাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক (IPPB)ৰ জৰিয়তেও ডিজিটেল জীৱন প্ৰমাণ পত্ৰ দিব পাৰিব পেঞ্চনাৰসকলে। প্ৰায় ১.৮৯ লাখ ডাক সেৱকৰ জৰিয়তে IPPBয়ে পেঞ্চনাৰসকলৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব জীৱন প্ৰমাণ পত্ৰ। আনহাতে ঘৰৰ পৰাই কম্পিউটাৰ অথবা মোবাইলৰ লগত বায়মেট্ৰিক ডিভাইছ সংযোগ কৰিও পেঞ্চনাৰসকলে জমা দিব পাৰিব জীৱন প্ৰমাণ পত্ৰ।

media school
Leave A Reply

Your email address will not be published.