সমগ্ৰ বিশ্বক সাক্ষী কৰি কৰ’ণাৰ ভেকচিন ল’লে জ’ বিডেনে ,লাইভ টিভিৰে জনালে বিশেষ বাৰ্তা

0 262

মার্কিন ৰাষ্ট্ৰপতি জ’ বিডেনে ল’লে ক’ৰণা ভেকচিন ।ফাইজাৰ বায়’এনটেকৰ ক’ৰণা
ভেকচিন প্ৰথম ড’জ গ্ৰহণ কৰে বিডেনে ।

আমেৰিকাবাসীৰ মনত বিশ্বাস জন্মাবৰ বাবে লাইভ টিভি জৰিয়তে বিশেষ সম্প্ৰচাৰ কৰে সোমবাৰে ।

বৰ্তমান শ্বাসজনিত ৰোগৰ বাবে ৭৮ বছৰীয়া জ’ বিডেন কৰ’ণাৰ কৱলত পৰি বিপদজনক শ্ৰেণীত আছে ।

কৰ’ণাক সন্মুখৰ পৰা যুঁজ দিয়া স্বাস্থ্যকৰ্মী সকলক ভেকচিনৰ সীমিত যোগানৰ বাবে সচেতন জনতাই চিকিৎসা কৰ্মীক প্ৰথমে ভেকচিন প্ৰয়োগ কৰিবলৈ আহ্বান জনায় ।এই সন্দৰ্ভত ৰাষ্ট্ৰপতি বিডেনে ইয়াৰ কৃতিত্ব প্ৰদান কৰে প্ৰশাসন বৰ্গক ।

ভেকচিন লোৱাৰ পাছত টুইটাৰত ৰাষ্ট্ৰপতি বিডেনে জনায় “মই আজি কৰ’ণাৰ ভেকচিন ললোঁ। ভেকচিন আবিষ্কাৰ কৰা প্ৰতিজন বিজ্ঞানী আৰু গৱেষকৰ আগত মই চিৰ কৃতজ্ঞ ।মোৰ প্রিয় আমেৰিকাবাসী ,চিন্তাৰ আৰু কোনো কাৰণ নাই ।বজাৰলৈ মেলি দিয়াৰ পাছতেই আপোনালোকে নিশ্চিন্ত মনে গ্ৰহণ কৰিব পাৰে ভেকচিন ।

media school
Leave A Reply

Your email address will not be published.