প্ৰধানমন্ত্ৰী মোদীক ‘Legion of Merit’ পুৰস্কাৰেৰে সন্মানিত কৰিলে ডোনাল্ড ট্ৰাম্পে

0 356

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘Legion of Merit’ পুৰস্কাৰেৰে সন্মানিত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।

দুয়োখন দেশৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি তথা ভাৰতক বিশ্ব শক্তি হিচাপে তুলি ধৰাৰ ক্ষেত্ৰত মোদীৰ নেতৃত্বৰ স্বীকৃতি হিচাপে এই সন্মান আগবঢ়াইছে ট্ৰাম্পে।

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ৰবাৰ্ট অ’ব্ৰায়েনৰ পৰা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সলনি আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তৰনজিৎ সিং সান্ধুৱে এই পুৰষ্কাৰ গ্ৰহণ কৰে।

হোৱাইট হাউছত অনুষ্ঠিত হোৱা এই অনুষ্ঠান সন্দৰ্ভত নিজৰ টুইটাৰত অ’ব্ৰায়েনে লিখিছে,’’ ভাৰত আৰু আমেৰিকাৰ মাজত কৌশলগত সম্পৰ্ক দৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই সন্মান প্ৰদান কৰিছে।‘’

চীফ কমাণ্ডাৰ অফ লিজিয়ন অফ মেৰিট সন্মানটো কেৱল কোনো ৰাষ্ট্ৰনেতা বা চৰকাৰৰ মুৰব্বীকহে প্ৰদান কৰা হয়।

media school
Leave A Reply

Your email address will not be published.