নবছৰীয়া কোটিপতি এগৰাকী ইউটিউবাৰ,বছৰি আয় কৰে ২২০ কোটি।পঢ়ক এই প্ৰতিবেদন—

0 261

নতুন খেলৰ সামগ্ৰী দেখিলেই চঞ্চল হৈ উঠে কণমানি ৰায়ান । খেলা সামগ্ৰীৰ বক্স খুলি নোচোৱালৈকে তাৰ শান্তি নাই। লগে লগে চলি থাকে নকল স্কুল, বিজ্ঞানৰ নানা পৰীক্ষা, মিউজিক ভিডিঅ’ বা সৰু–সুৰা বক্তৃতা।

কিন্তু এই আনন্দ কেৱল ৰায়ানেই উপভোগ নকৰে, সেই আনন্দৰ ভাগ লয় লক্ষ লক্ষ দৰ্শকৰ সৈতে। মাধ্যম হ’ল ইউটিউব।তেনেই সহজ–সৰল কামবোৰ কৰিয়ে বিশ্বৰ ডাঙৰ ডাঙৰ ইউটিউবাৰসকলক পিছ পেলাই এতিয়া শীৰ্ষত ৰায়ান। ইউটিউবৰ পৰা ৰায়ানৰ আয় হয় বছৰি ভাৰতীয় মুদ্ৰাত ২২০ কোটি টকা। আৰু এতিয়া ৰায়ান বিশ্বৰ হায়েষ্ট পেইড ইউটি‍উবাৰ।

তৃতীয়বাৰলৈ শীৰ্ষ ইউটিউবাৰৰ স্থানত ৰায়ান। বক্সৰ পৰা খেলৰ সামগ্ৰী উলিওৱা বা ৰায়ানৰ ভাষাত আনবক্সিং কৰা ভিডিঅ’ই ৰায়ানক মূলত খ্যাতিৰ শীৰ্ষত অধিষ্ঠিত কৰিছে। ফৰ্বছ সংবাদপত্ৰৰ দ্বাৰা এই ৰিভিউ কৰা হৈছে। ৰায়ানৰ পিছতে দ্বিতীয় স্থানত আছে মিষ্টাৰ বিষ্ট, ডুড পাৰফেক্ট তৃতীয়, ৰেট এণ্ড লিংক চতুৰ্থ আৰু মাৰকিপ্লায়াৰে পঞ্চম স্থান দখল কৰিছে।

media school
Leave A Reply

Your email address will not be published.