উত্তৰ-পূব ভাৰতত হ’ব প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি

0 285

১৫ লাখ টকা ব্যয় সাপেক্ষে ইষ্ট-ৱেষ্ট কৰিড’ৰৰ জিৰো পইণ্টত ১৩ ফুট উচ্চতাৰ অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমুৰ্তি নিৰ্মাণ কৰা হ’ব।

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ উপস্থিতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰতিমুৰ্তি উন্মোচন কৰা হ’ব শিলচৰৰ মধুৰা পইণ্টত।

শিল্পী চন্দ্ৰশেখৰ দাসে কলকাতাত চাৰি মাহত বাজপেয়ীৰ প্ৰতিমুৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে।

শিলচৰৰ সাংসদ ড০ ৰাজদ্বীপ ৰয়ৰ পৰিকল্পনাৰে আৰু প্ৰায় ১১ হাজাৰ বিজেপি সমৰ্থকৰ সমৰ্থনেৰে বাজপেয়ীৰ প্ৰতিমুৰ্তি স্থাপন কৰাৰ মহান উদ্দেশ্য বাস্তবায়িত কৰাৰ দিশ আগবাঢ়িছে।
শিলচৰৰ সাংসদ গৰাকীয়ে প্ৰতিমুৰ্তিটোৰ বাবে ১ লাখ টকা আগবঢ়াইছে।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতিমুৰ্তি উন্মোচন কৰাৰ লগতে শিলচৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনটো অংশগ্ৰহণ কৰিব।

media school
Leave A Reply

Your email address will not be published.