কাইলৈ পবিত্ৰ বৰদিন..কেতিয়া প্ৰথম বাৰৰ বাবে বৰদিন পালন কৰা হৈছিল জানো আহক

0 1,003

২৫ ডিচেম্বৰত সমগ্ৰ বিশ্বতে বৰদিন বা খ্ৰীষ্টমাছ উদযাপন কৰা হয়। এই দিনটোতে যীশু খ্ৰীষ্টৰ জন্ম হৈছিল। বৰদিন পালন কৰাৰ সম্পৰ্কিত কিছুমান ধাৰ্মিক বিশ্বাস আৰু যীশু খ্ৰীষ্টৰ জন্ম আৰু কেতিয়া প্ৰথম বাৰৰ বাবে বৰদিন পালন কৰা হৈছিল জানো আহক।

শুক্ৰবাৰে বিশ্বজুৰি বৰদিন উদযাপন কৰা হ’ব। খ্ৰীষ্টমাছ বা বৰদিন হৈছে খ্ৰীষ্টান ধৰ্মীয় সকলৰ মুখ্য পৰ্ব।

ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোতে যীশু খ্ৰীষ্টৰ জন্ম হৈছিল।
এই দিনটোত সকলোৱে মিলি বৰদিন উদযাপন কৰে, গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ যায়
,বিভিন্ন ব্যঞ্জন ৰান্ধে, পৰিয়ালৰ লোকক উপহাৰ দিয়ে।
একে সময়তে, তেওঁলোকৰ ঘৰবোৰ খ্ৰীষ্টমাছ-ট্ৰি ৰে সুন্দৰকৈ সজায়।

ধৰ্মীয় বিশ্বাস অনুসৰি, বৰদিনৰ গছে বা “খ্ৰীষ্টমাছ ট্ৰি” য়ে ঘৰত সুখ-সমৃদ্ধি কঢ়িয়াই । সেইবাবে এই পবিত্ৰ দিনটোত সকলোৱে ঘৰত খ্ৰীষ্টমাছ ট্ৰি লগায়।

পৌৰাণিক কথা অনুসৰি, এদিন মেৰীয়ে সপোনত ভবিষ্যত বাণী শুনিছিল যে তেওঁৰ গৰ্ভত ভগৱান যীশুৰ জন্ম হ’ব।

গৰ্ভধাৰণৰ সময়ত মেৰীয়ে বেটলেহম লৈ যাব যাত্ৰা কৰিব লগীয়া হয় । নিশা গভীৰ হোৱাৰ বাবে মেৰীয়ে এটা গুহাত শৰণ ল’ব লগীয়া হয় ।এই গুহাতেই যীশু খ্ৰীষ্টৰ জন্ম হৈছিল।

ভগৱান যীশু খ্ৰীষ্টৰ জন্মবাৰ্ষিকীক লৈ বিশ্বৰ বিভিন্ন প্ৰান্ত মতভেদ আছিল। কিন্তু পোন প্ৰথমবাৰৰ বাবে ৰোমত ৩৩৬ খ্ৰীষ্টাব্দত ২৫ ডিচেম্বৰত বৰদিন উদযাপন কৰা হৈছিল।
ইয়াৰ পিছৰে পৰা, যীশুখ্ৰীষ্টৰ জন্মবাৰ্ষিকী প্ৰতি বছৰে ২৫ ডিচেম্বৰত পালন কৰা হয়।

media school
Leave A Reply

Your email address will not be published.