কাৰাগাৰত সেউজীয়া শাড়ী দেখিলেই খঙত টিঙিৰি তুলা হয় ইন্দ্ৰাণী মুখাৰ্জী,কিন্তু কিয়?

0 341

দেশ কপাঁই যোৱা শ্বিনা বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে পুনৰ দখল কৰিছে সংবাদ শিৰোনাম। কিয়নো কাৰাগাৰত সেউজীয়া ৰঙ দেখিলেই খঙত টিৰিঙি তুলা হয় ইন্দ্ৰানী।আনকি কাৰাগাৰৰ ভিতৰত কোনেও ইন্দ্ৰাণীক পিন্ধাব পৰা নাই সেউজীয়া ৰঙৰ শাড়ী।


কিন্তু কিয় ইন্দ্ৰানীয়ে কাৰাগাৰত সেউজীয়া শাড়ী পিন্ধিবলৈ অস্বীকাৰ কৰিছে?


দৰাচলতে কাৰাগাৰত সেইসকল অপৰাধীকহে সেউজীয়া শাড়ী পিন্ধিবলৈ দিয়া হয় যিসকলক ইতিমধ্যে আদালতে দোষী সাৱস্ত্য কৰি শাস্তি গোষণা কৰিছে।
কিন্তু কন্যা হত্যাৰ গোচৰত যিহেতু ইন্দ্ৰানী মুখাৰ্জীক আদালতে এতিয়ালৈকে দোষী সাৱস্ত্য কৰা নাই সেয়ে তেওঁ অপৰাধীয়ে পিন্ধা সেউজীয়া শাড়ী পিন্ধিবলৈ অস্বীকাৰ কৰিছে।

উল্লেখ্য যে কন্যা শ্বিনা বৰাৰ হত্যাৰ অভিযুক্ত হৈ ২০১৫ চনৰ পৰাই মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে ইন্দ্ৰাণী মুখাৰ্জী।
আনহাতে, সেউজীয়া শাড়ী নিপিন্ধাক লৈ বিশেষ আদালতত কৰা আবেদনক লৈ আদালতে কেনে সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ’ব।

media school
Leave A Reply

Your email address will not be published.