দিঠক হোৱা পথত মুখ্যমন্ত্ৰীৰ দীৰ্ঘদিনীয়া সপোন,সম্পূৰ্ণ হৈছে প্ৰস্তুতি,পঢ়ক এই প্ৰতিবেদন—-

0 435

অচিৰেই দিঠক হোৱাৰ পথত বিহাৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এক দীৰ্ঘদিনীয়া সপোন।কিয়নো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ‘নেছাৰ ছাফাৰি’ নামৰ প্ৰকল্পটোৰ কাম।ইয়াৰ সমান্তৰালকৈ চীনৰ পৰা অনুপ্ৰেৰিত হৈ ভাৰতত নিৰ্মাণ কৰা হৈছে প্ৰথমখন গ্লাছৰ উৰণীয়া সেঁতু।

এই সেঁতুখনৰ দৈৰ্ঘ্য ৮৫ ফুট, ৬ ফুট বহল। একেসময়তে এই দলংখনত ৪০ জন লোক উঠিব পাৰিব।নেছাৰ ছাফাৰি নামৰ প্ৰকল্পৰ অধীনত উক্ত সেতুখন নিৰ্মান কৰা হৈছে। দলংখনৰ লগতে এই স্থানত পৰ্যটকক আকৰ্ষণ কৰিবলৈ ৰ’প ৱেও নিৰ্মাণ কৰা হৈছে। এই দুৰ্গম ৰ’প ৱেৰে পৰ্যটকসকলে অহা যোৱা কৰিব পাৰিব

এই ৰ’পৱেটোত আছে ১৮ টা গ্লাছৰ কেবিন ।৮ জন পৰ্যটকে একেলগে এই দুৰ্গম পথেৰে ৫ মিনিটত ৭৫০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব।

ইতিমধ্যে সেঁতুৰ ওপৰৰ পৰা প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিলে বিহাৰৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বিহাৰৰ ৰাজগিৰ নামৰ ঠাইত নিৰ্মাণ কৰা হৈছে এইখন গ্লাছৰ সেঁতু।

media school
Leave A Reply

Your email address will not be published.