প্ৰাক্তন ক্ৰিকেটাৰৰ ‘এক আশা জন ৰস’,পেট ভৰাই খাওক মাত্ৰ এটকাত —-

0 222

দৰিদ্ৰ লোকৰ সহায়ক হোৱাকৈ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপি সাংসদ গৌতম গম্ভীৰে নতুন দিল্লীত মুকলি কৰিছে এখন বিশেষ কেণ্টিন।কেণ্টিনখনৰ নাম দিয়া হৈছে ‘এক আশা জন ৰস’।

পিছে এই কেণ্টিনখন হৈছে কিছু ব্যতিক্ৰম।কিয়নো এই কেণ্টিনখনৰ খাদ্য সামগ্ৰীৰ মূল্য তেনেই কম।মাত্ৰ এটকা খৰচ কৰিয়েই গ্ৰাহকসকলে পেট ভৰাই খাব পাৰিব ভাত চবজি আৰু দাইল।

প্ৰতিদিনেই দুপৰীয়া ১১বজাৰ পৰা বিয়লি ৩বজালৈ খোলা থাকিব।উল্লেখ্য যে এই প্ৰকল্পটো ‘গৌতম গম্ভীৰ ফাউণ্ডেশ্যন’আৰু সাংসদগৰাকীয়ে ব্যক্তিগত অনুদানেৰে চলাই নিয়া হ’ব বুলি কোৱা হৈছে।আনহাতে অনাগত দিনসমূহত সাংসদ দিল্লী বিধানসভা সমষ্টিত কেণ্টিনখনৰ কমেও আন ১০টা শাখা খুলিব বুলি জানিবলৈ দিয়ে।

media school
Leave A Reply

Your email address will not be published.