আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব দেশৰ প্ৰথম চালকবিহীন মেট্ৰ’ ৰে’ল

0 363

আজি দিল্লী মেট্ৰ’ৰ ‘মেজেণ্টা লাইন’ত দেশৰ প্ৰথমখন চালকবিহীন মেট্ৰ’ ৰে’লৰ সেৱা পুৱা ১১ বজাত উদ্বোধন কৰিব ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

এই চালকবিহীন ৰে’ল সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয়ভাৱে পৰিচালিত হ’ব আৰু একেবাৰে সুৰক্ষিত হ’ব বুলি জনাইছে। দিল্লী মেট্ৰ’ৰ মেজেণ্টা লাইনত চালকবিহীন ৰে’লসেৱা আৰম্ভ কৰাৰ পিছত ২০২১ বৰ্ষৰ ভিতৰত পিংক লাইনত চালকবিহীন মেট্ৰ’ ৰে’ল সেৱা আৰম্ভ কৰা হ’ব বুলি আশা কৰা হৈছে।

মেজেণ্টা লাইনত জনকপুৰী–ব’টানিকেল গাৰ্ডেন কৰিড’ৰত এই সেৱা আৰম্ভ হোৱাৰ লগে লগে ৩৭ কিলোমিটাৰৰ ভিতৰত দিল্লী–এনচিআৰৰ যাত্ৰীসকলে তেওঁলোকৰ সুবিধাৰ্থে অত্যাধুনিক সেৱা ব্যৱহাৰ কৰিব পাৰিব।

media school
Leave A Reply

Your email address will not be published.