কৃষকৰ দাবী সন্দৰ্ভত সিদ্ধান্ত নল’লে কৰিব আন্দোলন-হুংকাৰ আন্না হাজাৰেৰ–

0 304

নতুন কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে কৃষকসকলৰ প্ৰতিবাদ।ইতিমধ্যে দেশৰ বহু বৰ্ষীয়ান সমাজকৰ্মী তথা বহু তাৰকায়ো কৃষক সকলৰ কাষত ঠিয় দিছে।

তাৰ মাজতে কৃষক আন্দোলনৰ সপক্ষে ধাৰাবাহিকভাৱে সমৰ্থন জনাই আহিছে দেশৰ অন্যতম বৰ্ষীয়ান সমাজকৰ্মী আন্না হাজাৰে।

তাৰ মাজতে বৰ্ষীয়ান নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সাৱধানবাণী প্ৰদান কৰা পৰিলক্ষিত হৈছে। আন্না আজাৰে লগতে কয় যে, কৃষকৰ দাবী সন্দৰ্ভত যদি কেন্দ্ৰীয় চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহ’লে জানুৱাৰীৰ পৰা নতুন দিল্লীত আন্দোলন আৰম্ভ হ’ব।মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ ৰালেগান সিদ্ধি গাওঁত এক প্ৰেছ বিজ্ঞাপ্তিত আন্না হাজাৰে কয় যে- “মই জানুৱাৰীৰ পৰা দিল্লীত প্রতিবাদ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছো । আৰু এই বিষয়ে চৰকাৰক অৱগত কৰিছে। “অৱশ্যে এই সংবাদ মেলত হাজাৰে কোনো তাৰিখৰ কথা উল্লেখ কৰা নাই।

media school
Leave A Reply

Your email address will not be published.