দক্ষিণ কোৰিয়াৰ গৱেষণাগাৰত কৃত্ৰিম সূৰ্য্য—-

0 165

সূর্যৰ প্রচণ্ড তাপমাত্রা সাধাৰণ জনতাৰ কল্পনাৰ অগোচৰ৷ সূর্যৰ তাপমাত্রাৰ ফলতে পৃথিৱীবাসীয়ে জীৱন যাপন কৰাৰ উপাদানসমূহ লাভ কৰি আহিছে৷ সৌৰজগতৰ এই নক্ষত্র সূর্যৰ তাপমাত্রাক লৈ গৱেষণা চলাই থকা বিজ্ঞানীসকলে কৃত্রিম সূর্য সাজি সূর্যৰ তাপমাত্রাক অধ্যয়নৰ প্রচেষ্টা চলাই আহিছে৷

শেহতীয়াভাৱে দক্ষিণ কোৰিয়াই কৃত্রিম সূর্য গৱেষণাগাৰত প্রস্তুত কৰি ১০০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ এই ১০০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা দক্ষিণ কোৰিয়াৰ বিজ্ঞানীয়ে গৱেষণাগাৰত ২০ ছেকেণ্ড ধৰি বর্তাই ৰাখিবলৈ সক্ষম হৈছে৷

কৃত্রিম সূর্য সৃষ্টি কৰি তাপমাত্রা বিকিৰণৰ ই এক দীঘলীয়া সময় অর্থাৎ ২০ ছেকেণ্ড তাপমাত্রা বর্তাই ৰখাটো বিজ্ঞানীৰ বাবে নতুন অভিলেখ৷


বিগত ১২ বছৰ ধৰি চলাই থকা অধ্যয়ন–গৱেষণাৰ অন্তত যোৱা ২৪ নৱেম্বৰত কেষ্টাৰে ১০০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা ২০ ছেকেণ্ডলৈ ধৰি ৰাখিবলৈ সক্ষম হৈ নতুন কৃতিত্বৰ অধিকাৰী হয়৷ মন কৰিবলগীয়া যে বিগত মাহত চীনেও কৃত্রিম সূর্যৰ সৃষ্টি কৰি ১৫০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা বিকিৰণ ঘটাবলৈ সক্ষম হোৱা বুলি চর্চিত হৈছিল৷ ইয়াৰ পূর্বে চীনে ২০১৮ চনত হেফেইৰ ইনষ্টিটিউট অৱ প্লাজমা ফিজিক্সত ১০০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা ১০ ছেকেণ্ডৰ বাবে ধৰি ৰাখিবলৈ সক্ষম হোৱা বুলি বাতৰিত প্রকাশ পাইছিল৷

Leave A Reply

Your email address will not be published.