দুৰ্ভাগ্যজনক,নাক ধুনীয়া কৰিবলৈ গৈ যুৱতীয়ে হেৰুৱালে দুই ভৰি

0 378

নিজৰ নাকটো ধুনীয়া কৰিবলৈ গৈ দুয়োখন ভৰি হেৰুৱালে এগৰাকী যুৱতীয়ে।ঘটনাতো ইষ্টানবুলৰ। ইষ্টানবুলৰ ২৫ বৰ্ষীয় চেবিংক কেকলিক নামৰ এগৰাকী যুৱতীৰ লগত সংঘটিত হৈছে এই ঘটনা।

দৰাচলতে যুৱতীগৰাকীয়ে নিজৰ নাকটো অধিক সুন্দৰ কৰিবলৈ কৰাইছিল এক ছাৰ্জাৰী। কিন্তু অপাৰেচনৰ পিছতে যুৱতীগৰাকীৰ দেহত বিসংগতিয়ে দেখা দিয়ে। পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰে যুৱতীগৰাকীৰ।আনকি খাদ্য গ্ৰহণো কৰিব নোৱাৰা হৈ পৰিল চেবিংক কেকলিকে।

ক্ৰমান্বয়ে ভৰি তলুৱাৰ পৰা দুয়োখন ভৰি কলা পৰি আহিল৷ শেষত চিকিৎসকে যুৱতীগৰাকীৰ পৰিয়ালক জনাই যে, দুয়োখন ভৰিৰে আঠুৰ তলৰ অংশ কটাৰ বাহিৰে অন্য উপাই নাই। তেওঁ মৃত্যুমুখত পৰিব পাৰে৷নিজৰ জীৱন ৰক্ষা কৰিবলৈ গৈ অৱশেষত শেষত দুয়োখন ভৰি কাটি পেলাব লগীয়া হয় চেবিংকে৷

media school
Leave A Reply

Your email address will not be published.