ছয় মহীয়া নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ মালিগাঁওত

0 189

শুকুৰবাৰে এটা ছয় মহীয়া নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰে মহানগৰীৰ মালিগাঁও অঞ্চলত বন বিভাগৰ বিষয়াসকলে ।

মালিগাঁৱৰ মাধৱদেৱ নগৰত স্থানীয় লোকে মৃত পোৱালি নাহৰফুটুকী দেখাৰ পাছত বন বিভাগক ঘটনাটো অৱগত কৰে।

বন বিভাগৰ এটা দলে আৰক্ষীৰ সৈতে গৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰে।

বন বিষয়াই জানিব দিয়া মতে ‘’মৃত নাহৰফুটুকীটোৰ দেহত আঘাতৰ চিন আছে। এইটোৰ দ্বাৰা দেখা যায় যে নাহৰফুটুকীটোক হয় আন জন্তুৱে হত্যা কৰিছে নহয়তো পাহাৰৰ পৰা পৰি ইয়াৰ মৃত্যু হৈছে ।”

উল্লেখ্য যে ইয়াৰ পূৰ্বেও মহানগৰীৰ মালিগাঁও অঞ্চলত নাহৰফুটুকীৰ আক্ৰমণত কেইবাজনো লোক আহত হৈছে ।

অঞ্চলটোৰ পাহাৰৰ পৰা নামি অহা বাঘে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা নিশাৰ ভাগত বিচৰণ কৰি অহাৰ কথাও জানিব পৰা গৈছে।

media school
Leave A Reply

Your email address will not be published.