আজৱ দেশৰ,আজৱ ঘটনা, নিজৰ পোহনীয়া কুকুৰটোক কিমান ভাল পালে আপুনি এনে সিদ্ধান্ত ল’ব পাৰিব..?

0 457

আজৱ দেশৰ, আজৱ ঘটনা । মধ্যপ্ৰদেশৰ ছিন্দৱাৰা জিলাৰ বাদিৱাৰা গাঁৱৰ ওম নাৰায়ণ বাৰ্মা নামৰ এগৰাকী ৫০ বছৰীয়া কৃষকে নিজৰ সমস্ত সা-সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে স্বীকৃতি দিলে নিজ পত্নীৰ আৰু পোহনীয়া কুকুৰটোক

নিজৰ ইচ্ছাপত্ৰত ব্যক্তিজনে তেওঁৰ পত্নী চম্পা বাই আৰু পোহনীয়া কুকুৰ জেকীৰ নাম লিখি দিয়ে সমস্ত সা-সম্পত্তি।
গাঁৱৰ বহুতো লোকে তেওঁৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে সমালোচনাও কৰিছে।

এই ঘটনাটোৰ সন্দৰ্ভত তেওঁ কয়, ‘মোৰ পত্নী চম্পাই মোৰ যত্ন লয় লগতে জেকীয়েও মোৰ যত্ন লয়। মই দুয়োকে বহুত ভাল পাও। বৰ্তমান মোৰ স্বাস্থ্যৰ অৱস্থা ভাল। কিন্তু মই শংকিত হৈছো যে মোৰ মৃত্যুৰ পিছত মোৰ মৰমৰ কুকুৰটো অৱহেলিত হ’ব। সেয়েহে মোৰ সম্পত্তিৰ কিছু অংশ জেকীক দিছোঁ,যাতে জেকী কেতিয়াও অৱহেলিত নহয়, কোনোবাই তাৰ যত্ন ল’ব।

মোৰ মৃত্যুৰ পিছত যিয়ে জেকীক চোৱা-চিতাৰ দায়িত্ব ল’ব তেওঁৱেই এই সম্পত্তি লাভ কৰিব। মোৰ বিশ্বাস মোৰ শেষ উশাহটোলৈকে দুয়োয়ে মোৰ যত্ন লব আৰু মোৰ কাজ-কৰ্মও সমাপন কৰিব।

মোৰ ইচ্ছাপত্ৰ সন্দৰ্ভত মোৰ পুত্ৰ অসন্মত। এই ইচ্ছাপত্ৰ খন উঠাই লবলৈ গাৱঁৰ বহুতো লোকে হেঁচা দিছিল। কিন্তু মই এই কাম নকৰোঁ।

media school
Leave A Reply

Your email address will not be published.