ভোট জলকীয়াৰে’ নগাঁও আৰক্ষীয়ে আটক কৰিলে দুষ্কৃতিকাৰী,কিন্তু কেনেকৈ?

0 2,045

হানি ট্ৰেপিং।সুন্দৰী মহিলা-যুৱতীক ব্যৱহাৰ কৰি পুৰুষক জালত পেলাই ধন দাবী কৰা চক্ৰৰ বিৰুদ্ধে বহুসময়ত আৰক্ষীয়ে অভিযান চলাই আহিছে।
শেহতীয়াকৈ জিলাখনত বৃদ্ধি পোৱা হানি ট্ৰেপিং ঘটনাৰ বিৰুদ্ধে অভিযান চলাই নগাঁও আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজনীয়া এটা হানি ট্ৰেপিং গোটক আটক কৰে।


ইমানলৈ এই ঘটনাটো তেনেই সচৰাচৰ যেন লাগিলেও শেহতীয়াকৈ নগাঁও আৰক্ষীৰ এটা বিশেষ টুইটে উক্ত ঘটনাটোক বেছ আমোদজনক কৰি তুলিছে।


টুইটটোত নগাঁও আৰক্ষীয়ে এই কৈছে যে হানি অৰ্থাৎ মৌ ব্যৱহাৰ কৰি চক্ৰটোৱে ঘটনাৰ বলি হোৱা লোকজনক জালত পেলাইছিল আৰু ১০ লাখ টকা দাবী কৰিছিল।

নগাঁও আৰক্ষীয়ে হনি ব্যৱহাৰ কৰা চক্ৰটোক ভোট জলকীয়াৰে পৰাভূত কৰি ওলোটাই জালত পেলায় আৰু লোক কেইজনক হনি খাবলৈ জে’ললৈ প্ৰেৰণ কৰে।আৰক্ষীৰ এই ৰসাল টুইটটোৱে এতিয়া ছোচিয়েল মিডিয়াত বেছ চৰ্চা লাভ কৰিছে।

media school
Leave A Reply

Your email address will not be published.