বলীউডত সন্ত্ৰাসবাদীৰ দপদপনি,টুইটাৰ পোষ্টক লৈ তীব্ৰ চাঞ্চল্য–

0 3,892

নিজৰ খেয়ালখুচি স্বভাৱৰ বাবে সততেই বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰা বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱটে দেওবাৰে নিজৰ টুইটাৰ হেণ্ডেলত অন্য এক বিস্ফোৰক মন্তব্য কৰে। এইবাৰ JNUৰ ছাত্ৰক সমৰ্থন কৰা বলীউডৰ তাৰকাসকলক সন্ত্ৰাসবাদীতকৈ কোনো গুণে কম নহয় বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।

দীপিকা পাডুকন, স্বৰা ভাস্কৰ, তাপশী পন্নু, অনুৰাগ কাশ্যপৰ দৰে বলীউডৰ তাৰকাক উদ্দেশি অভিনেত্ৰীগৰাকীয়ে কৰা এই টুইটক লৈ এতিয়া সমগ্ৰ দেশতে তোলপাৰ লাগিছে।

উল্লেখযোগ্য যে, দিল্লীৰ এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা JNUৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদৰ বিৰুদ্ধে দিল্লী পুলিচৰ অপৰাধ শাখাই দেশ বিৰোধী ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। ছাত্ৰ নেতাগৰাকী লৈ ইতিমধ্যে এই সন্দৰ্ভত পত্ৰও প্ৰেৰণ কৰিছে দিল্লী আৰক্ষীয়ে। ওমৰ খালিদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ বলীউডৰ তাৰকাৰ বিৰুদ্ধে এনেদৰে সৰব হৈ উঠে অভিনেত্ৰীগৰাকী।

লগতে অন্য এক টুইটৰ জৰিয়তে অভিনেত্ৰীগৰাকী কয় যে, এতিয়া প্ৰমাণ হৈছে যে JNUৰ ছাত্ৰই শ্বাহীনবাগত মিছা কথা আৰু CAAক লৈ ভুৱা তথ্য  বিয়পাইছিল। গতিকে তেওঁলোকক সমৰ্থন কৰা বলীউডৰ তাৰকাসকলে দেশবাসীৰ ওচৰত ক্ষমা বিচৰা উচিত।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন আগবঢ়োৱ গায়ক দলজীতৰ সৈতেও কংগনাৰ এখন ৰোমাঞ্চকৰ টুইটাৰ যুঁজ চলিছিল।

media school
Leave A Reply

Your email address will not be published.