দেশৰ কৃষক বিদ্ৰোহ কাৰ স্বাৰ্থত?

0 908

৩৭০ ধাৰা ক্ষেত্ৰতেই হওক বা ‘কা’ আইনৰ ক্ষেত্ৰতেই হওক, ৰাফেল কিনাৰ ক্ষেত্ৰতেই হওক বা ৰাম মন্দিৰৰ ক্ষেত্ৰতেই হওক সকলো সময়তে এই কাৰ্যবোৰ বন্ধ কৰিবলৈ কোনোবাই নহয় কোনোবাই যদিও সফল হোৱা নাছিল তথাপি ন্যায়ালয়ৰ কাষ চাপি পি আই এল দিছিল।

কিন্তু আচৰিত কথা এয়াই যে কৃষি আইনৰ বিৰোধিতা কৰি সেইসকলে তেনে ধৰণৰ কোনো পন্থা লোৱা অদ্যবপি দৃষ্টিগোচৰ হোৱা নাই ।

হয়তো জনাই জানে, আইনৰ সহায়েৰে তেওঁলোক কেতিয়াও জয়ী হ’ব নোৱাৰে । কাৰণ শ্বাহীনবাগ গোচৰৰ সময়তে ক’ৰ্টে প্ৰথমেই কৈ থৈছে যে সত্য বা শুদ্ধ পথক কোনেও স্তব্ধ কৰিব নোৱাৰে । ক’ৰ্টে দীঘলীয়া গালি-গালাজ,তৰ্জন-গৰ্জন কৰিব ।

সেই কাৰণে এতিয়া উচটাই জোল খোৱা শ্ৰেণীটোৱে কৃষকক বিভিন্ন বেয়া, উশৃংখল কাম-কাজ কৰিবলৈ উচটাই আছে , যাতে না না অৰাজকতা সৃষ্টি হয়।

আজিলৈকে এটা টি ভিৰ টক শ্ব’ত কোনো কৃষক নেতাই আইনখনৰ পৰা হ’ব পৰা কোনো বিৰূপ প্ৰভাৱৰ বিষয়ে স্পষ্টকৈ কোৱা দেখা পোৱা নাই ; সকলোৰে চালেবেৰে কোবোৱা কথাবোৰে সন্দেহৰহে সৃষ্টি কৰিছে।

কেন্দ্ৰীয় চৰকাৰে নিজে আইনৰ সহায় লৈ এই প্ৰতিবাদকাৰীসকলক প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই পঠিওৱাৰ ব্যৱস্থা কৰাটো বৰ্তমান সময়ত জৰুৰী হৈছে।
লালুৰ পুতেক তেজস্বী, মমতা বেনাৰ্জীৰ লগতে ৰাজস্থান , চত্তিশগড় , মহাৰাষ্ট্ৰ আদিলৈয়ো বিয়পিছে পঞ্জাৱৰ পৰা এই বতাহ।
এজন আন্দোলনকাৰীয়ে কৈয়ে দিলে যে এয়া ৰিপাব্লিকান ম’ভমেণ্ট। মানে আগত গনতন্ত্ৰ দিৱস আছে আৰু এইবাৰ গনতন্ত্ৰ দিৱসৰ মুখ্য অতিথি বৰিচ জনচনৰ আগত ‘কা’ আন্দোলনৰ আচিলা লৈ ডনাল্ড ট্ৰাম্প পৰিয়ালসহ ভাৰতবৰ্ষলৈ আহোতে সৃষ্টি কৰা পৰিস্থিতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰাৰ লক্ষ্য বোধহয়।

যদি একান্ত কৃষি আইনৰে বিৰোধিতাৰে আন্দোলন কৰিছে তেতিয়া হ’লে কিয় দিল্লীৰ জনজীৱন বিপন্ন কৰি “পাকিস্তান জিন্দাবাদ, খালিস্তান জিন্দাবাদ” ধ্বনি দিয়া, ৩৭০ ধাৰা পুনৰ অব্যাহত ৰখাৰ সপক্ষে কথা কৈছে?
ইন্দিৰা গান্ধীকে ঠুকি দিছিলো মোদী কোন ! এয়া কেনেকুৱা ৰিপাব্লিকান ম’ভমেণ্টৰ শ্ল’গান ?

লোকসভাত গৃহীত এখন আইন পুনৰ উঠাই ল’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন । আন্দোলনকাৰীসকলে নাজানিলেও তেওঁলোকক আন্দোলন কৰিবলৈ উৎসাহিত কৰা সকলে ভালকৈ জনাৰ পাছতো আঁকোৰগোঁজ হৈ উঠাই নোলোৱা পৰ্যন্ত বহি থাকিম বুলি কোৱাৰ কাৰণ আহিবলগীয়া কেইখন বিল যি কেইখনো একান্ত দেশৰ স্বাৰ্থত চৰকাৰে আনিব সেই কেইখনৰো প্ৰতিবাদ একেলগে কৰিম বুলি বহি থকাৰ দৰে নহ’ব নে ?

অপৰূপা বৰঠাকুৰ..

Leave A Reply

Your email address will not be published.