বাম নেতাৰ ভণ্ডামি,যুৱতীক বলৎকাৰৰ অপচেষ্টা

0 433

চি পি আই (এম)ৰ এজন সদস্যৰ বিৰুদ্ধে ভগ্নী সংগঠন এছএফআইৰ এগৰাকী সতীৰ্থ যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । ভুক্তভোগী যুৱতী গৰাকীয়ে এই সন্দৰ্ভত গোচৰো তৰে । গুৱাহাটীৰ মাজ-মজিয়াত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ।

ঘটনাৰ বিৰণি অনুসৰি গুৱাহাটী আঞ্চলিক সমিতিৰ সদস্য তথা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা তমুজিৎ সিংহাৰ ঘৰত এক নৈশ পাৰ্টি হৈছিল । ২০ ডিচেম্বৰত এই নৈশ পাৰ্টীলৈ কেইবাজনো সতীৰ্থ সহ যুৱতী গৰাকী গৈছিল । তমুজিতৰ লখৰাৰ ভাড়াঘৰত চলিছিল সুৰাৰ পাৰ্টি। নিশা হোৱাৰ বাবে আটাইকেইগৰাকী সতীৰ্থ তমুজিতৰ বাসগৃহতে কটাই । কিন্তু মাজনিশা যুৱতী গৰাকীৰ স্পৰ্শকাতৰ অংগত হাত দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনে এছএফআইৰ কৰ্মী গৰাকীয়ে ।

সেই নিশাই চিঞৰ-বাখৰ কৰি অভিযুক্তৰ ঘৰৰ পৰা ওলাই আহে। পিছদিনা এই সমগ্ৰ ঘটনাৰ বিৱৰণ তুলি চান্দমাৰী থানাত এক গোচৰ তৰে । পৰৱৰ্তী সময়ত এই গোচৰ পানবজাৰ থানালৈ স্থানান্তৰ কৰা হয় ।

২২ ডিচেম্বৰত তমুজিতক আৰক্ষীয়ে সোধা-পোছা কৰে আৰু ২৯ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীক্ষৰ আদালতত অভিযোগনামা দাখিল কৰে ।

ইতিমধ্যে তমুজিতক চিপিআই(এম) সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে ।

media school
Leave A Reply

Your email address will not be published.