ফৰ্চুন তেলৰ বাবে বিপদত সৌৰভ গাংগুলী,ছোচিয়েল মিডিয়াত ব্যাপক চৰ্চা—

0 261

ছ’চিয়েল মিডিয়া তথা সংবাদ মাধ্যম,সম্প্ৰতি এক চৰ্চিত নাম হৈছে সৌৰভ গাংগুলী।বিগত কিছুদিন পূৰ্বে মাইল্ড হাৰ্ট এট্টাকৰ কাৰণে চিকিৎসাধীন হৈ আছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ এনে শাৰীৰিক অসুস্থতাই শেহতীয়াকৈ তেওঁৰ অনুৰাগীৰ মাজত উদ্বিগ্নতাই বিৰাজ কৰিছে। কিন্তু তাৰ মাজতে তেখেতৰ অসুস্থতাৰ কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত ট্ৰ’ল হৈছে সৌৰভ গাংগুলী।যাৰ মূল কাৰণ হৈছে ফৰ্চুন ৰাইচ ব্ৰেন অইলৰ বিজ্ঞাপন।

দৰাচলতে সৌৰভ গাংগুলী হৈছে ফৰ্চুন ৰাইচ ব্ৰেন অইলৰ ব্ৰেণ্ড এম্বেছেডৰ। বিভিন্ন প্লেটফৰ্মত এই তেলৰ বিজ্ঞাপন দিয়া দেখা যায় সৌৰভ গাংগুলীক। আৰু সেই বিজ্ঞাপনত দাবী কৰা হয় যে- এই ৰাইচ ব্ৰেন তেল খালে হৃদপিণ্ড সুস্থ থাকিব।

কিন্তু বিগত শনিবাৰে ব্ৰেণ্ডৰ এম্বেছেডৰ স্বয়ং যেতিয়া হৃদৰোগত আক্ৰান্ত হয় তেতিয়া স্বাভাৱিকতে সকলোৰে মাজত সৌৰভ গাংগুলী আৰু উক্ত বিজ্ঞাপনটোক লৈ বেছ চৰ্চা চলিছে। অৱশেষত এনে বিতৰ্কৰ বাবেই ফৰ্চুন তেলৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা জাৰি হৈছে। সকলো ফৰ্চুন তেলৰ বিজ্ঞাপন বন্ধ কৰি দিলে আদানী উইলমাৰে।

media school
Leave A Reply

Your email address will not be published.