কংগনাৰ পাছত এইবাৰ ছনু সুড,সুডৰ বিৰুদ্ধে বি এম চিৰ এজাহাৰ—

0 408

বলীউডৰ তাৰকাসকলৰ সৈতে সংঘাত অব্যাহত আছে মুম্বাই পৌৰ নিগমৰ।
কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ সৈতে সংঘাতত লিপ্ত হোৱা বি এম চি এইবাৰ জনপ্ৰিয় অভিনেতা ছনু সুডৰ বিৰুদ্ধেও সৰৱ হৈছে।

মুম্বাইৰ এটা আবাসিক গৃহক অবৈধভাৱে হোটেললৈ ৰূপান্তৰিত কৰাৰ অভিযোগ তুলি বি এম চিয়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে।বি এম চিৰ অভিযোগ ৬মহলীয়া শক্তি সাগৰ আবাসিক অট্টালিকাটোক হোটেললৈ সলনি কৰাৰ সময়ত ছনুয়ে কোনোধৰণৰ অনুমতি গ্ৰহণ কৰা নাছিল।

আনহাতে, বি এম চিৰ এই অভিযোগক সম্পূৰ্ণৰূপে নস্যাৎ কৰে অভিনেতাগৰাকীয়ে।

তেওঁৰ মতে,হোটেলৰ কাম আৰম্ভ কৰাৰ আগতে তেওঁ গ্ৰহণ কৰিছিল বি এম চিৰ অনুমতি।কেৱল ‘মহাৰাষ্ট্ৰক’ষ্টেল জ’নেল মেনেজমেণ্ট অথ’ৰিটী’ৰ অনুমতিৰ বাবেহে তেওঁ অপেক্ষা কৰি আছে বুলি উল্লেখ কৰে।
উল্লেখ্য যে, ক’ৰনা কালত দেশৰ বিভিন্ন প্ৰান্তত বিপদত পৰা বহুলোকক জনপ্ৰিয় অভিনেতাগৰাকীয়ে সহায় কৰিছিল।তেতিয়াৰ পৰাই তেঁও একপ্ৰকাৰ দুখীয়াৰ ভগৱান বুলি পৰিগণিত হৈছ।

media school
Leave A Reply

Your email address will not be published.