ট্ৰাম্পৰ সমৰ্থকসকল প্ৰকৃত ‘দেশপ্ৰমিক’,এটা টুইটাৰ পোষ্টে পুনৰ জ্বলাব নেকি মাৰ্কিন আমেৰিকাক?

0 476

তেওঁ ডোনাল্ড ট্ৰাম্পৰ জীয়ৰী।দাম্ভিকতা তেওঁ পৈতিক সূত্ৰে লাভ কৰিছে।সেয়ে আগ-পিছ নভবাকৈ কিবা এষাৰ মন্তব্য কৰাটো তেওঁৰ ক্ষেত্ৰত অস্বাভাৱিক নহয়।ট্ৰাম্প দুহিতা ইভাংকা ট্ৰাম্পৰ তেনে এক বিষ্ফোৰক মন্তব্যই এতিয়া আন্তজাৰ্তিক মহলত বেছ চৰ্চা লাভ কৰিছে।

ঘটনা অনুসৰি,ৱাশ্বিংটন ডিচিত হিংসাত্মক তাণ্ডৱ সৃষ্টি কৰা ট্ৰাম্পৰ সমৰ্থনকাৰীসকলক ‘দেশপ্ৰেমিক’ বুলি টুইটাৰত উল্লেখ কৰে ইভাংকা ট্ৰাম্পে।ইয়াৰ উপৰিও ইভাংকাই টুইটত লিখিছিল যে আমেৰিকাৰ দেশপ্ৰেমিকসকলে নিৰাপত্তা বেষ্টনী ভঙা তথা আৰক্ষী প্ৰশাসনক অমান্য কৰা গ্ৰহণযোগ্য নহয়। হিংসা এতিয়া বন্ধ হোৱা উচিত। অনুগ্ৰহ কৰি শান্তি বজাই ৰাখক।

কিন্তু এই টুইটক লৈ কটাক্ষ, প্ৰতিবাদ আৰম্ভ হোৱাৰ পাছতেই ইভাংকাই টুইটটো ডিলিট কৰে।

media school
Leave A Reply

Your email address will not be published.