অষ্ট্ৰেলিয়াত দুগৰাকী ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে বৰ্ণ-বৈষম্যমূলক মন্তব্য

0 301

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টত দুগৰাকী ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে বৰ্ণ-বৈষম্যমূলক মন্তব্য আগবঢ়োৱাৰ কথা পোহৰলৈ আহিছে ।

চলিত চিডনী টেষ্টৰ তৃতীয় দিনা এগৰাকী দৰ্শকে গেলেৰীৰ পৰা যশপ্রীট বুমৰাহ,আৰু মহম্মদ চিৰাজৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়ায় ।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ড (বি চি চি আই )য়ে মেচ ৰেফাৰী ডেভিড বুনক ইয়াৰ বিৰুদ্ধে অভিযোগ দিছে ।


২০০৭ -০৮ ছিজনত ভাৰতীয় দলটোৰ অষ্ট্ৰেলিয়া ভ্ৰমণত হৰভজন সিং আৰু ছাইমণ্ডছৰ মাজত তীব্ৰ বাকযুদ্ধ চলিছিল ।


চিডনীত হোৱা এই ঘটনাত ছাইমণ্ডছে হৰভজনৰ বিৰুদ্ধে “বান্দৰ”বুলি কোৱাৰ অভিযোগ উত্থাপন কৰিছিল ।এই ঘটনাক পাছলৈ “মাংকিগেট” হিচাপে চর্চালৈ আহে ।

পুনৰ একে ঘটনাৰ বলি হয় এইবাৰ মহম্মদ ছিৰাজ,অবশ্য বুমৰাহৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিষয়ে সঠিকভাৱে জানিব পৰা হোৱা নাই।

পুনৰ একে ঘটনাৰ বলি হয় এইবাৰ মহম্মদ ছিৰাজ,অবশ্য বুমৰাহৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিষয়ে সঠিকভাৱে জানিব পৰা হোৱা নাই।

media school
Leave A Reply

Your email address will not be published.