১৭ঘণ্টা বিমান চলাই অভিলেখ ভাৰতীয় মহিলাৰ পাইলট দলৰ

0 424

বিশ্বৰ অতি গুৰুত্বপূৰ্ণ দীৰ্ঘতম আকাশী পথেৰে বিমান যাত্ৰা আৰম্ভ কৰিবলৈ লৈছে এয়াৰ ইণ্ডিয়াৰ এদল মহিলা পাইলটে ।


উত্তৰ মেৰুপথ ব্যৱহাৰ কৰি এয়াৰ ইণ্ডিয়াৰ এই ব’য়িং বিমানখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিছকোৰ পৰা সোতৰ ঘণ্টাৰ অন্তত আহি উপস্থিত হ’বহি বেংগালুৰুত ।

৭৭৭-২০০ বৃহৎ আকাৰৰ যাত্ৰীবাহী বিমানখন উপস্থিত হ’ব সোমবাৰে পোৱা। বীমান খন চলোৱাৰ দায়িত্বত আছে চাৰিগৰাকী মহিলা পাইলট ক্ৰমান্বয়ে থানমাই পাপাগিৰী ,চনৱানে আকাংক্ষা, শিৱাণী মানহাছ আৰু এই পাইলটৰ দলটোক প্ৰতিনিধিত্ব কৰিছে কেপ্টেইন জয়া আগৰৱালে।


আজি কেপ্টেইন জয়া আগৰৱালে সাংবাদিকৰ আগত কয় যে -“সামাজিক চাপ থাকিলেও মহিলাসকল আত্মবিশ্বাসী হ’ব লাগে আৰু কোনো কামতে অসম্ভৱ বুলি ধৰি ল’ব নালাগে ।বিশ্বৰ আটাইতকৈ দীঘলীয়া বাণিজ্যিক উৰণৰ দিবলৈ পাই মই গৌৰৱবোধ কৰিছো ।”

media school
Leave A Reply

Your email address will not be published.