এদিনতে দ্ৰুতহাৰত দাম কমিছে সোণ আৰু ৰূপৰ,কিন্তু কিয়?

0 577

ভাৰতীয় বজাৰত একেদিনাই সোণ আৰু ৰূপৰ দাম ব্যাপক ভাবে হ্ৰাস পাইছে। আন্তৰ্জাতিক বজাৰত সোণ আৰু ৰূপৰ দাম হ্ৰাস পোৱাৰ পিছত ভাৰতৰ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিছে। 

বিশেষজ্ঞৰ মতে, আমেৰিকাৰ নতুন চৰকাৰ গঠন হোৱাৰ লগতে ৰিলিফ পেকেজ ঘোষণাৰ সম্ভাৱনা থকাৰ বাবে ইউ এচ ট্ৰেজাৰী ইল্ড উৰ্ধ্বমুখী হৈছে। জনাইছে যে, যে, প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৫২,০০০ ৰ পৰা ৪৮,৫০০ টকাৰ মাজত থকাৰ সম্ভাৱনা বেছি।

আন্তৰ্জাতিক বজাৰত শুকুৰবাৰে সোণৰ দাম হ্ৰাস পাই ১৮৪৯.০১ ডলাৰ প্ৰতি আউন্স হৈছিল। ৰূপৰ দাম ৬.৫ শতাংশ হ্ৰাস পাই ২৫.৪২ ডলাৰ প্ৰতি আউন্স হৈছিল। ৭ আগষ্ট ২০২০ত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৫৬,২০০ টকা পৰ্যন্ত বৃদ্ধি হৈছিল।

সেইদৰে ৰূপৰ দাম হৈছিল গৈ প্ৰতি কিলোত ৭৭ হাজাৰ টকা পৰ্যন্ত। তেতিয়াৰ পৰা এতিয়ালৈকে সোণৰ দাম হ্ৰাস পাইছে ৭৪০০ টকা আৰু ৰূপৰ দাম হ্ৰাস পাইছে ১৩,০০০ টকা।আনহাতে,২০২১ চনত সোণৰ দাম ব্যাপক ভাবে বৃদ্ধি পাব পাৰে বুলি অনুমান কৰিছে বিশেষজ্ঞই। জনাইছে যে, সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৬৫ হাজাৰ পৰ্যন্ত বাঢ়িব পাৰে।

media school
Leave A Reply

Your email address will not be published.