খং নামে চণ্ডাল,পত্নীয়ে স্বামীৰ মুখত ঢালিলে গৰম তেল–

0 626

স্বামী-স্ত্ৰীৰ কন্দলৰ ভয়ংকৰ পৰিণতি।কামৰ পৰা ঘৰলৈ উভতি অহাত দেৰি হোৱাৰ বাবেই পত্নীয়ে স্বামীৰ মুখত ঢালি দিলে গৰম তেল। এই অমানৱীয় ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ সাগৰ জিলাত। খবৰ অনুসৰি,স্বামী অৰিন্দম আহিৰওৱাই দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়ে। প্ৰায়ে কামৰ পৰা ঘূৰি আহোতে দেৰি হয় অৰিন্দমৰ। আৰু সেই কথাক লৈ প্ৰায়েই পত্নী শিৱকুমাৰী আৰু অৰিন্দম কাজিয়াত লিপ্ত হয়।আনকি দুই স্বামী-স্ত্ৰীৰ কাজিয়াত সদায় অতিষ্ঠ হৈ পৰে পৰিয়াল আৰু চুবুৰীয়া।

কিন্তু সোমবাৰে পত্নী শিৱকুমাৰীয়ে ললে এক চৰম সিদ্ধান্ত। সংঘটিত কৰিলে ভয়ংকৰ,অমানৱীয় কাণ্ড।অইন দিনৰ দৰে খখহাজিৰা কৰি ঘৰলৈ উভতাত পলম হোৱাত খঙৰ ভমকত পৰিয়ালৰ লোকৰ সন্মুখতে স্বামীৰ মুখত শিৱকুমাৰীয়ে ঢালি দিলে গৰম তেল। পত্নীৰ এনে অতৰ্কিত আক্ৰমণত লগে লগে ঢলি চিকিৎসাধীন অৱস্থাত আছে।

media school
Leave A Reply

Your email address will not be published.