যোগীৰ দুর্নীতিৰ পুৰষ্কাৰ!তথ্য বিষয়াক পুৰষ্কাৰ!তথ্য বিষয়াক চিকিউৰিটি পদলৈ অৱনমিত

0 723

হাথৰাছৰ ধৰ্ষণ কাণ্ডৰ পাছত বদায়ুৰ গণ ধৰ্ষণক লৈ উত্তাল হৈ পৰিছে উত্তৰ প্ৰদেশ চৰকাৰ। ইয়াৰ মাজতে ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ অভিযোগত চাৰিজন বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

তথ্য বিভাগৰ চাৰিজন বিষয়াক বিষয়া পদৰ পৰা অৱনমিত কৰি পিয়ন, ছিকিউৰিটি গাৰ্ড পদত কাৰ্যনিৰ্বাহ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

বাতৰি অনুসৰি, বেৰেইলি জিলাৰ অতিৰিক্ত তথ্য বিষয়া নৰসিংহক পিয়ন পদত, ফিৰোজাবাদৰ অতিৰিক্ত জিলা তথ্য বিষয়া দয়াশংকৰক কাৰ্যালয়ৰ ছিকিউৰিটি গাৰ্ড হিচাপে যোগদান কৰিবলৈ কোৱা হৈছে।

আনহাতে, মথুৰা আৰু ভদোহিৰ অতিৰিক্ত জিলা তথ্য বিষয়া হিচাপে পদোন্নতি লাভ কৰা বিনোদ কুমাৰ শৰ্মা আৰু অনিল কুমাৰ সিঙক আকৌ চিনেমা অপাৰেটৰ আৰু যোগাযোগ সহায়ক হিচাপে তেওঁলোকৰ পূৰ্বৰ পদতে বাহাল ৰাখিছে চৰকাৰে।
অভিযোগ অনুসৰি, বিষয়াকেইগৰাকীয়ে দুৰ্নীতিৰ আশ্ৰয় লৈ পদোন্নতি লাভ কৰিছিল যদিও তেওঁলোকৰ সেই যোগ্যতা নাই।সেয়েহ, যোগ্যতা অনুসৰি যিয়ে যি পদৰ বাবে যোগ্য সেই পদলৈ পঠিওৱা হৈছে বুলি জানিবলৈ দিছে যোগী প্ৰশাসনে।

media school
Leave A Reply

Your email address will not be published.