গুটকা-ধপাঁত পাহৰি যাওঁক,এতিয়াৰে পৰা দোকানত উপলব্ধ নহ’ব এইসমূহ সামগ্ৰী—

0 508

খাদ্য সুৰক্ষা আৰু মানবিশিষ্ট আইনৰ অধীনত গুটকা, পান মছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ, প্ৰদৰ্শন তথা বিক্ৰীৰ ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি কৰিছে স্বাস্থ্য বিভাগে।

কনজুমাৰ্ছ লিগেল প্ৰটেক্টশ্বন ফৰামৰ দাবীৰ ভিত্তিত ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তই ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰথম বাৰৰ কাৰণে অসমত গুটকা, পান মছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি নিৰ্দেশনা জাৰি কৰিছিল। ২০২০ চনৰ ১১ নৱেম্বৰত এই নিষেধাজ্ঞাৰ ম্যাদ আছিল।কিন্তু শেহতীয়াকৈ এই নিষেধাজ্ঞাৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধিৰ দাবী উত্থাপন কৰে। ফৰামে আয়ুক্ত সচিব গৰাকীক এই সন্দৰ্ভত এখন পত্ৰও প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.