বাঢ়িছে পৃথিৱীৰ গতি, এদিনত নাথাকিব ২৪ ঘণ্টা! কি কয় বিজ্ঞানীসকলে?

0 700

এদিনত ২৪ ঘণ্টা।এয়া চিৰন্তন সত্য বুলিয়েই সকলোৱে ধাৰণা কৰি আহিছে যদিও সেই সত্যৰ যেন লৰচৰ হবলৈ আৰম্ভ কৰিছে।এয়া কোনো সাধাৰণ লোকে কোৱা কথা নহয়, এয়া কৈছে বিশ্বৰ বিজ্ঞানীসকলেই।

বিশ্বৰ বহু বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে বিগত প্ৰায় পাঁচটা দশকত পৃথিৱীৰ ঘূৰ্ণনৰ গতি বৃদ্ধি পাইছে। সেয়ে কমি আহিছে দিনৰ সময় সীমা।
২৪ ঘণ্টাৰ পূৰ্বেই দিন একোটাৰ অন্ত পৰি পুনৰ নতুন দিন এটাৰ আৰম্ভনি হয়।ইণ্টাৰনেছনেল আৰ্থ ৰোটেছন এণ্ড ৰেফাৰেন্স ছিষ্টেম ছাৰ্ভিচে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৭০ চনৰ পৰা প্ৰতি ২৭ দিনৰ মূৰে মূৰে লিপ ছেকেণ্ড যোগ কৰা হৈছিল যদিও পৃথিৱীৰ গতি বাঢ়ি যোৱাৰ বাবেই ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ পিছৰে পৰা দিনটোৰ সময়ৰ সৈতে কোনো লিপ ছেকেণ্ড যোগ কৰিবলগীয়া হোৱা নাই।

বিজ্ঞানী সুনন্দ বন্দোপাধ্যায়ে প্ৰকাশ কৰা মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ পৃথিৱীৰ গতিৰ ওপৰত পৰিব পাৰে।গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মেৰুৰ বৰফ ব্যাপক হাৰত গলিবলৈ লৈছে। বৰফ গলনৰ ফলত পৃথিৱীৰ ঘূৰ্ণনৰ গতিৰো পৰিৱৰ্তন ঘটিব পাৰে।

media school
Leave A Reply

Your email address will not be published.