ভয়ংকৰ অগ্নিকাণ্ড,এটাৰ পাছত আনটোকৈ বিষ্ফোৰিত হৈছে চিলিণ্ডাৰ,স্তব্ধ কলকাতাৰ যাতায়ত ব্যৱস্থা

0 577

পশ্চিমবংগৰ ৰাজধানী চহৰ কলকাতাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।বুধবাৰে দুপৰীয়া কলকতাৰ মাণিকতলাৰ এটা বেটাৰীৰ কাৰখানাত সংঘটিত অগ্নিকাণ্ডটো। সন্ধিয়ালৈ সমীপৰ বস্তি অঞ্চললৈ বিয়পি পৰাৰ পিছতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে।অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ইটোৰ পিছত সিটোকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে জুই নিয়ন্ত্ৰণত সমস্যাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

প্ৰথমাৱস্থাত অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন বাহনে জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰিছিল যদিও পিছলৈ ২৫ খনকৈ বাহন নিয়োজিত কৰা হৈছে আৰু বৰ্তমানেও জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি গোটেই নিশাই অঞ্চলটোৰ অগ্নিকাণ্ডৰ জুইৰ পোহৰ দেখা পোৱা গৈছিল।

ইফালে অগ্নিকাণ্ডৰ ফলত সমগ্ৰ উত্তৰ কলকতাত যান বাহন চলাচল ব্যাহত হৈছে। গিৰিশ পাৰ্কৰ পৰা ছেন্ট্ৰেল এভিনিউ পযৰ্ন্ত যান-বাহন চলাচল সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে।অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ এই মুহূৰ্তলৈকে পোৱা নাই। অগ্নিকাণ্ডটো কেনেকৈ সূত্ৰপাত ঘটিল তাৰ কাৰণো জানিব পৰা হোৱা নাই।

media school
Leave A Reply

Your email address will not be published.