DRDO-ভাৰতীয় সেনাই থলুৱা প্ৰযুক্তিৰে সাজি উলিয়ালে দেশৰ প্ৰথমটো মেচিন পিষ্টল ‘ASMI’

0 412

দেশৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO) আৰু ভাৰতীয় সেনাৰ সহযোগত সাজি উলিওৱা দেশৰ প্ৰথমটো থলুৱা মেচিন পিষ্টলৰ নাম দিয়া হৈছে ASMI

এই পিষ্টলটো সাধাৰণতে প্ৰতিৰক্ষা বাহিনীয়ে 9mm পিষ্টলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

বুধবাৰে ভাৰতীয় সেনাৰ উদ্ভাৱনী প্ৰদৰ্শন অনুষ্ঠানত দেশৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত পিষ্টল ASMI ক প্ৰদৰ্শন কৰা হয়।

DRDO ই জনোৱা অনুসৰি, এই পিষ্টল ইজৰাইলৰ Uzi বন্ধুকৰ সম পৰ্যায়ৰ, যিয়ে ১০০ মিটাৰ দূৰত্বলৈকে লক্ষ্য সাধিবলৈ সমৰ্থ হ’ব।

বিগত ৪ মাহত এই পিষ্টলটো বিকাশৰ বাবে ৩০০ ৰাউণ্ড গুলী খৰচ কৰা হৈছিল।বুধবাৰে প্ৰদৰ্শনী অনুষ্ঠানত ASMI ক প্ৰদৰ্শন কৰাৰ পিছতেই DRDOয়ে ভাৰতীয় সেনাক ব্যৱহাৰৰ বাবে অতি সোনকালেই হস্তান্তৰ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।

media school
Leave A Reply

Your email address will not be published.