ব্ৰীছবেনত জয়ৰ ধ্বজা উৰুৱালে টিম ইণ্ডিয়াই ,অষ্ট্ৰেলিয়াৰ ৩৩বছৰীয়া আধিপত্যৰ পৰিসমাপ্তি ।

0 216

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ সফলতাত শেষৰটো গঁজাল মাৰি নতুন ইতিহাসৰ হাঁহি মাৰিলে ভাৰতীয় দলে ।
১৯৯৮৮ চনৰ পৰা ক্ৰমাগত ভাবে প্ৰতিখন টেষ্টত বিজয়ৰ মুখ দেখা অষ্ট্ৰেলিয়াই এইবাৰ মুখঠেকেছা খালে ।

গাব্বা অষ্ট্ৰেলিয়াৰ দুৰ্গত টেষ্ট ছিৰিজত অজিংকা ৰাহানেৰ নেতৃত্বত টিম ইণ্ডিয়াই জয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হয় ।

ভাৰতে শেষৰ তিনি অভাৰৰ খেল বাকী থকা অৱস্থাত ৩ উইকেটৰ পতন ঘটে যদিও এক ৰোমাঞ্চকৰ মুহূৰ্তৰ মাজেৰে বিজয় সাব্যস্ত কৰে ।

অষ্ট্ৰেলিয়াৰ ৩৬৯ ৰাণৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত ৩৩৬ৰাণ কৰি অল আউট হয় । ৩৩ৰাণৰ অগ্ৰগতিৰে অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত ২৯৪ৰাণত ইনিংছ সামৰে।

ব্ৰীছবেনৰ অন্তিমখন টেষ্টত বিজয় সাৱ্যস্ত কৰি ভাৰতে চাৰিখন টেষ্টৰ ছিৰিজটো ২-১ ব্যৱধানত দখল কৰে ।

ভাৰতে বৰ্দাৰ-গাভাস্কাৰ ট্ৰফী নিজৰ হাতলৈ আনি টেষ্ট ছিৰিজত বিজয়ৰে অভিলেখ গঢ়ে ।

Leave A Reply

Your email address will not be published.