সৌৰজগতত পৃথিৱীৰ ভাতৃ গ্ৰহৰ সন্ধান পাইছে বিজ্ঞানীয়ে ।

0 250


মহাকাশত বিজ্ঞানীৰ অন্য এক সন্ধান ।নাছাৰ বিজ্ঞানীৰ একক প্ৰচেষ্টাত সৌৰজগতৰ শূন্যত এটা গ্ৰহৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে।

নাছাৰ ট্ৰেনজিট এক্স’প্লেনেট চাৰ্ভে চেটেলাইট মিছনৰ অন্য এক বৃহৎ সফলতা ,মহাকাশ গৱেষণা সংস্থাটোৱে এই আবিষ্কাৰৰ কথা দাবী কৰিছে ।

সবিশেষ তথ্যৰ উদ্ধাৰৰ বাবে বৰ্তমান বিজ্ঞানীসকল যথেষ্ট ব্যস্ত হৈ পৰিছে ।
TOI-561b নামৰে নামাকৰণ কৰিছে নাছাৰ ট্ৰেনজিট এক্স’প্লেনেট ছাৰ্ভে ছেটেলাইট মিছনৰ বিজ্ঞানীয়ে ।

“ছুপাৰ আৰ্থ” ৰূপে নামাকৰণ কৰিছে নাছাৰ বিজ্ঞানীৰ দলে।

পৃথিৱীৰ তুলনাত ৫০ শতাংশ ডাঙৰ আৰু তিনিগুণ উজনশালী বুলি এক তথ্যৰ জৰিয়তে প্ৰকাশ পাইছে ।

এই গ্ৰহৰ ঘুৰ্ণন গতি পৃথিৱীৰ তুলনাত যথেষ্ঠ বেছি । ২৪ঘণ্টাতকৈ কম সময়ৰ প্ৰয়োজন হয় গ্ৰহটোৱে নিজৰ কক্ষত প্ৰদক্ষিণ কৰোঁতে

TOI-561b ৰ জৰিয়তে মহাকাশত এক নতুন পৃষ্ঠাৰ আৰম্ভণি হোৱাৰ সম্ভাৱনাই বিশ্ববাসীক এটা নতুন পৰ্যায়ৰ দিশে আগবঢ়াই নিব বুলি বিজ্ঞানী সকলে জানিব দিয়ে ।

media school
Leave A Reply

Your email address will not be published.