দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী লগতে মুখ্য মন্ত্ৰীসকলে গ্ৰহণ কৰিব ভেকচিন ।

0 176

সৰ্বভাৰতীয় পৰ্যায়ত কৰ’না ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ টীকাকৰণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্য সমূহৰ মুখ্য মন্ত্ৰীসকলে ভেকচিন গ্ৰহণ কৰিব।


উল্লেখ্য যে ভেকচিনক লৈ সাধাৰণ জনতাৰ মাজত কিছু ভয়ৰ উদ্ৰেগ ঘটিছে
দেশৰ সাধাৰণ জনতাৰ মাজত ভেকচিনৰ প্ৰতি উৎসাহ আৰু বিশ্বাস আনিবৰ উদ্দেশ্যেৰে প্ৰধান মন্ত্ৰী আৰু বাকী মন্ত্ৰীপৰিষদৰ একাংশ নেতাক প্ৰতিষেধক দিয়া হ’ব।

প্ৰধান মন্ত্ৰীৰ উপৰি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাজ্য সমূহৰ মুখ্য মন্ত্ৰী, ৰাজ্যপালকে ধৰি মন্ত্ৰীসভাৰ আন আন সদস্যসকলেও ভেকচিন ল’ব।

তদুপৰি দ্বিতীয় পৰ্যায়ত, নিৰাপত্তা বাহিনীৰ কৰ্মী আৰু ৫০ বছৰৰ ওপৰৰ লোকসকলক প্ৰতিষেধক দিয়া হ’ব।

উল্লেখ্য যে যোৱা ১৬ জানুৱাৰিৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে টীকাকৰণৰ প্ৰথম পৰ্যায়। প্ৰথম পৰ্যায়ত স্বাস্থ্য কৰ্মী আৰু ক’ৰ’নাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিয়া লোকসকলক প্ৰতিষেধক দিয়া হৈছে।

media school
Leave A Reply

Your email address will not be published.