২৭ জানুৱাৰীত মটৰ শ্ৰমিকৰ চকাবন্ধ কাৰ্যসূচী ঘোষণা ।

0 486

মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই চকাবন্ধৰ আহ্বান দিছে অহা ২৭ জানুৱাৰীত । সংগঠনটোৰ দাবীসমূহ চৰকাৰে মানি নোলোৱাৰ বাবেই এই চকাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে ।
চৰকাৰে দাবী মানি নল’লে সংগঠনটোৱে আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটোত ৪৮ ঘন্টীয়া চকাবন্ধৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে।

অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰিত তৃতীয় পৰ্যায়ৰ চকাবন্ধৰ কাৰ্যসূচী ৰূপায়ন কৰিব সংগঠনটোৱে ।

সংগনটোৱে অসংগঠিত খণ্ডৰ প্ৰায় ৮-৯ লাখ চালক-কৰ্মচাৰীক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ তুলিছে।

সেইদৰে সুদীৰ্ঘ মহামাৰীৰ কালচোৱাত অৰ্থনৈতিক ভাবে ক্ষতিগ্ৰস্থ হোৱা শ্ৰমিকসকলক সাহায্য প্ৰদান নকৰাৰ বাবেও চৰকাৰক এফালৰ পৰা জগৰীয়া কৰিছে সংগঠনটোৱে।

Leave A Reply

Your email address will not be published.