উচ্চ ন্যায়ালয়ৰ নাভূত-নাশ্ৰুত ৰায়দান.. “কাপোৰ আঁতৰ নকৰাকৈ স্পৰ্শ কৰিলে তাক যৌন উৎপীড়ন বুলি মানি লোৱা নহ’ব”

0 3,397

বোম্বে আদালতৰ আজৱ ৰায়দান “শৰীৰৰ সংস্পৰ্শ” অবিহনে নাবালিকাৰ সৈতে যদি যৌন সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা কৰে তেনেহলে তাক যৌন উৎপীড়ন বুলি মানি লোৱা নহ’ব বুলি বোম্বে উচ্চ ন্যায়ালয়ে ৰায়দান দিয়ে ।

বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ পুষ্প গানেদিৱালাই ১৯ জানুৱাৰীত দিয়া এক ৰায়দানত কৈছিল যে , যৌন উৎপীড়ন বুলি বিবেচনা কৰা কাৰ্যৰ বাবে “যৌন উদ্দেশ্যৰ সৈতে উভয় শৰীৰৰ সংস্পৰ্শ” হ’ব লাগিব।

এজন ৩৯ বছৰীয়া ব্যক্তিক ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰাৰ বাবে তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

আদালতত অভিযুক্ত আৰু নাবালিকাক ভুক্তভোগীৰ সাক্ষী অনুসৰি, ২০১৬ চনৰ ডিচেম্বৰত অভিযুক্তই নাবালিকাক খোৱা বস্তুৰ প্ৰলোভন দি নিজা ঘৰলৈ লৈ গৈ যৌন উৎপীড়নৰ চেষ্টা কৰিছিল, অৱশ্যে যিহেতু ব্যক্তিজনে নাবালিকাৰ কাপোৰ আঁতৰ নকৰাকৈ স্পৰ্শ কৰিছিল সেয়েহে অপৰাধতোক যৌন উৎপীড়ন বুলি মানি লোৱা নহ’ব বুলি বোম্বে আদালতে ৰায়দান প্ৰদান কৰে ।

৩৫৪ ধাৰা অনুসৰি নূন্যতম কাৰাদণ্ড এবছৰৰ, পিওচিএছও আইনৰ অধীনত যৌন উৎপীড়নত নূন্যতম কাৰাদণ্ড তিনি বছৰৰ বুলি আদালতে জনায় ।

media school
Leave A Reply

Your email address will not be published.