জয় শ্ৰীৰাম

0 430

১৮৮০ চনৰ অক্টোবৰ নৱেম্বৰ মাহৰ কথা…বেনাৰসৰ ৰামলীলা মণ্ডলীৰ এটা দলে ৰামলীলা দেখুৱাবলৈ তুলসী গাঁৱলৈ আহিছিল। ২২ৰ পৰা২৪ জন সদস্য থকা দলটো গাঁও খনৰ এঘৰ মানুহত আশ্ৰয় লৈ নিজে বনাই মেলি খোৱাৰ ব্যৱস্থা কৰে আৰু তাতেই ৰামলীলা নাটকৰ ৰিহাৰ্চেল কৰে…পণ্ডিত কৃপাৰাম ডুবে সেই ৰামলীলা মণ্ডলীৰ কলা নিৰ্দেশক আছিল যিজনে হাৰমনিয়ম বজাই মঞ্চ সঞ্চালন কৰিছিল আৰু ফৌজদাৰ শৰ্মাই সাজ সজ্জা তথা নাটকৰ বাবে অন্যান্য সা সামগ্ৰীৰ যোগাৰ কৰাৰ দায়িত্ব লয় ।

এদিন নাটকৰ ৰিহাৰ্চেল কৰি থকাৰ সময়ত সকলো কলাকাৰ উপস্থিত থকাৰ সময়ত পণ্ডিত কৃপাৰাম ডুবেই ফৌজদাৰী শৰ্মাক ক’লে যে এইবাৰ ৰামে ভঙা হৰধনু খন অলপ পাতল আৰু লঘু যোগাৰ কৰিব লাগিব কাৰণ প্ৰভু ৰামৰ চৰিত্ৰত অভিনয় কৰা মাত্ৰ সোতৰ বছৰীয়া ল’ৰাজনে যাতে কষ্ট নাপায়। যোৱাবছৰ এই কথাটো লৈ অলপ অসুবিধা হৈছিল,ধনুখন ভাঙোতে অলপ কষ্ট হৈছিল আৰু সময়ো লাগিছিল।

এই কথাটোত ফৌজদাৰ শৰ্মা অস্বস্তিত পৰিছিল কাৰণ সেইবছৰো তেখেতেই সাজ সজ্জাৰ লগতে যাৱতীয় বস্তু সংগ্ৰহ,ধনুখনো সংগ্ৰহ তেওঁৱেই কৰিছিল। কথাটো লৈ পণ্ডিত আৰু শৰ্মাৰ মাজত অলপ কথাৰ কটাকটিও হৈছিল। শৰ্মাই পণ্ডিতৰ ওপৰত এই অপমানৰ প্ৰতিশোধ ল’বলৈ মন মেলিলে। হৰধনু ভংগ আৰু সীতা সয়ম্বৰৰ আগদিনা ফৌজদাৰ শৰ্মা আৰু কলাকাৰ সকল যিঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ আছিল সেইঘৰ মানুহৰ গৃহস্থক ফৌজদাৰ শৰ্মাই ক’লে যে নাটকত ব্যৱহাৰ কৰিবলৈ এখন ডাঙৰ লোহাৰ তৰোৱাল লাগিছিল।গৃহস্থই এখন ডাঙৰ লোহাৰ তৰোৱাল আনি দিলে।

ফৌজদাৰ শৰ্মাই সেই তৰোৱালখন আন এখন গাৱৰ কমাৰ এজনৰ ওচৰলৈ লৈ গ’ল আৰু ধনুৰ দৰে পিতাই পেলালে …আৰু ঘুৰি আহোতে ধনুখনত নানা ৰঙীন কাগজ আৰু কাপোৰেৰে সজাই এঘৰ মানুহৰ ঘৰত থৈ আহিল।

ৰাতিলৈ নাটক আৰম্ভ হ’ল আৰু ফৌজদাৰ শৰ্মাই পণ্ডিতক সন্তুষ্ট কৰিবলৈ অনা পাতল ধনুখন আতৰাই লোহাৰ ধনুখন থৈ দিলে আৰু পৰ্দাৰ আঁৰৰ পৰা চাই থাকিল। পণ্ডিতজনে প্ৰভু ৰামচন্দ্ৰক চিন্তি হাৰমনিয়মত ৰামচৰিত মানস গাই থাকিল। হাজাৰৰ ঘৰত দৰ্শকে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকিল হৰধনু ভঙা সেই দৃশ্য উপভোগ কৰিবলৈ…ৰামলীলা লাহে লাহে আগবাঢ়িল…এটা সময়ত এজন এজনকৈ ৰজাই হাৰ মানি উভতি অহাৰ পাছত প্ৰভু ৰামচন্দ্ৰই গুৰুৰ আশীৰ্বাদ লৈ আগবাঢ়িল হৰধনু ভাঙিবলৈ…কিন্তু এইয়া কি.. ধনুখন লৰাবৈ নোৱাৰি!! অভিনেতাজনে কিবা এটা অণুমাণ কৰিলে আৰু পণ্ডিত কৃপাৰাম ডুবেলৈ বেঁকাকৈ চালে। লগে লগে পণ্ডিতে বুজি পালে কথাটো। পণ্ডিতে অনুভৱ কৰিলে কিবা এটা জৰুৰ ষড়যন্ত্ৰ হৈছে। আজি এই অভিনেতাজনৰ সন্মানৰ লগতে প্ৰভু ৰামচন্দ্ৰৰ সন্মানৰ প্ৰশ্ন আহি পৰিছে এই হাজাৰ হাজাৰ দৰ্শকৰ আগত…

পণ্ডিতে চকুৰে অভিনেতা জনক হৰধনুখনৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ ক’লে আৰু নিজকে মৰ্য্যদা পুৰুষোত্তম প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ ওচৰত আত্মনিয়োগ কৰি প্ৰভুৰ সন্মান ৰক্ষাৰ বাবে স্তুতি কৰি কাতৰ আহ্বান জনালে। পণ্ডিতে চকু মুদি ভগৱানক প্ৰাৰ্থনা কৰা দৃশ্য দৰ্শক সকলে প্ৰত্যক্ষ কৰিলে…আৰু অভিনেতাজনে হঠাৎ ধনুখন তুলি লৈ ভাঙি পেলালে…লগে লগে উপস্থিত দৰ্শকে জয় শ্ৰীৰাম ধ্বনি দিবলৈ আৰম্ভ কৰে। পণ্ডিত কৃপাৰাম ডুবেই অশ্ৰুশিক্ত নয়নেৰে মঞ্চলৈ উঠি গৈ সোতৰ বছৰ বয়সীয়া প্ৰভু শ্ৰীৰামচন্দ্ৰৰ অভিনয় কৰা অভিনেতাজনক সেৱা কৰি দিয়ে…

অপৰূপা বৰঠাকুৰ

Leave A Reply

Your email address will not be published.