উত্তৰ প্ৰদেশত জন্তু চাবলৈ দূৰ-দূৰণিৰ পৰা বহু লোকৰ সমাগম

0 417

বিচিত্ৰ আকৃতিৰ জন্তু চাবলৈ দূৰ-দূৰণিৰ পৰা বহু লোকৰ সমাগম ।এবিধ জন্তুই বেছ চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশকৰ এখন ৰাজ্যত ।

জন্তু বিধৰ মাত্ৰ এটাই চকু আৰু সেই চকুটো আছে কপালে।আচৰিত কথাটো হ’ল সেই এটা চকুৰ ভিতৰতে আছে আকৌ দুটাকৈ মণি।

উত্তৰ প্ৰদেশৰ বিজনৰত জন্ম লাভ কৰা এই ছাগলী পোৱালিটোৰ মুখ খনৰ গঠনো অদ্ভুত।ছাগলী পোৱালিটোৰ জিভা খন বাহিৰলৈ ওলাই অহা। দেখিবলৈ অদ্ভুত এই ছাগলী পোৱালিটো চাবলৈ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয়।

একাংশ অন্ধবিশ্বাসী লোকে কপালত চকু থকা এই অদ্ভুত আকৃতিৰ ছাগলী পোৱালিটোক শিৱৰ অন্য এক ৰূপ বুলি কবলৈ আৰম্ভ কৰা দেখা গৈছে।

অৱশ্যে অন্ধবিশ্বাসীসকলৰ দাবীক একাষৰীয়া কৰি থৈ বিজনৰৰ পশু চিকিৎসক পুস্কৰ ৰাথিয়ে প্ৰকাশ কৰিছে যে জিনৰ বিসংগতিৰ বাবেই ছাগলী পোৱালিটো দেখিবলৈ অদ্ভুত ধৰণৰ ।এনে ঝৰণৰ বিসংগতি থকা জীৱ সমূহ বেছি দিন বাচি নাথাকে।

এয়া এক জন্মগত বিসংগতি বুলি উল্লেখ কৰি ৰাথিয়ে কয় যে ইয়াৰ সৈতে কোনো ধৰ্মীয় কথা অথবা বিশ্বাস জৰিত হৈ নাই।

media school
Leave A Reply

Your email address will not be published.