ৰাজ্যিক মৰ্যদাৰে ড০ ৰমেশ পাঠকৰ শেষকৃত্য সম্পন্ন হ’ব নৱগ্ৰহ শ্মশানত ।
বিশিষ্ট সাহিত্যিক ড০ ৰমেশ পাঠকে শেষ নিশ্বাস ত্যাগ কৰে ।ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ব ড০ ৰমেশ পাঠকৰ শেষকৃত্য। নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব বিশিষ্ট সাহিত্যিক গৰাকীৰ শেষকৃত্য।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট ভাষাবিদ-সাহিত্যিক গৰাকীক ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে ।
২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনাই হাতীগাঁও লখিমী নগৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ড০ ৰমেশ পাঠকে। সোমবাৰে জীৱনজোৰা সাধনা বঁটা গ্ৰহণ কৰিছিল ড০ পাঠকে। ২০২০চনত অসম প্ৰকাশন পৰিষদে আগবঢ়াইছিল জীৱনজোৰা সাধনা বঁটা। অসুস্থতাৰ বাবেই নিজ গৃহতেই বঁটা গ্ৰহণ কৰিছিল সাহিত্যচাৰ্য পাঠকে। তেওঁৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। সাহিত্যচাৰ্যগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই পাঠকক প্ৰদান কৰিছিল সাহিত্যাচাৰ্য উপাধি। লগতে অসম চৰকাৰৰ পৰাও সাহিত্যিক পেন্সন লাভ কৰিছিল ড০ ৰমেশ পাঠকে।
১৯৪২ চনত নলবাৰীৰ টিহুত জন্ম লাভ কৰিছিল ড০ ৰমেশ পাঠকে। ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা বি.এ. পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ বিপৰীতে ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল পাঠক ডাঙৰীয়াই। কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক আছিল পাঠক।