কৃষকৰ হিংসাত্মক আন্দোলনৰ বাবে হাৰিয়ানাৰ তিনি জিলাত ইন্টাৰনেট সেৱা কৰ্তন ।

0 235

সমগ্ৰ ভাৰততে উলহ মালহৰে গণৰাজ্য দিৱসৰ উদযাপন কৰা হয় যদিও দিল্লীত গণৰাজ্য দিৱসৰ দিনটোত কৃষক আন্দোলনকাৰী সকলে চলোৱা হিংসাত্মক কাৰ্য্যকলাপৰ পাছতে হাৰিয়ানা চৰকাৰে অধিক সতৰ্কতা অৱলম্বন কৰিছে ।

দিল্লীৰ ৰাজপথত প্ৰতিবাদী কৃষক সকলে সকলো নিয়ম উলংঘা কৰি বেৰিকেট ভাঙি ট্ৰেক্টৰ ৰেলী কৰাৰ পাছত লালকিল্লাত নিজৰ আঞ্চলিক আৰু ধৰ্মীয় পতাকা উত্তোলন কৰে বলপূৰ্বক ভাবে ।

এই সময়ত বিভিন্ন স্থানত আৰক্ষী সৈতে প্ৰতিবাদী কৃষকৰ মাজত মুখামুখি খণ্ড যুদ্ধ হোৱা দেখা যায়।

আৰক্ষীয়ে প্ৰতিবাদী কৃষকক নিয়ন্ত্ৰণৰ বাবে লাঠি চাৰ্জ, কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বিপৰীতে প্ৰতিবাদী কৃষকে ট্ৰেক্টৰেৰে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা চলায়।

দিল্লীত প্ৰতিবাদে চূড়ান্ত ৰূপ লোৱাৰ পাছতে হাৰিয়ানা চৰকাৰে অতি কঠোৰ ভাবে তিনিখন ৰাজ্যৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

হাৰিয়ানাৰ ছোনিপথ, ঝজ্জৰ আৰু পলবল জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে স্থানীয় প্ৰশাসনে।

ইয়াৰ পূৰ্বে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে উগ্ৰ কৃষক প্ৰতিবাদীকাৰী সকলৰ আন্দোলনক নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষী বাহিনীৰ লগতে সামৰিক বাহিনীক সম্পূৰ্ণ ৰূপে সষ্টম হৈ থকাৰো নিৰ্দেশ দিয়ে।

media school
Leave A Reply

Your email address will not be published.