ভাৰতৰ বাহিৰত কোভাক্সিনৰ ব্যৱহাৰৰ বাবে আবেদন ।

0 140

ক’ৰনা মহামাৰীৰ দীর্ঘকালীন সময়ৰ পাছত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত দেশত সৰ্বসাধাৰণ লোকৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছে দেশীয় ভাবে প্ৰস্তুত কোভিডৰ প্ৰথম ভেকচিন কোভাক্সিন ।

ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰৰ অনুমতি বিচাৰি কোভাক্সিনৰ উৎপাদনকাৰী ভাৰত বায়’টেকৰ এগৰাকী শীৰ্ষ বিষয়াই ফিলিপাইনছত কোভাক্সিনৰ জৰুৰীকালিন ব্যৱহাৰৰ অনুমতি বিচাৰি প্ৰতিস্থানটোৱে আবেদন জনাইছে।

ফিলিপাইনছত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শম্ভূ কুমাৰণেও এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ফিলিপাইনছৰ চৰকাৰে কোভাক্সিনৰ জৰুৰী ব্যৱহাৰত অনুমতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে

কোভাক্সিনৰ ব্যৱহাৰত অনুমতি লাভ কৰিলেই ভাৰত বায়’টেকে ফিলিপাইনছলৈ ভেকচিন বিধ ৰপ্তানি কৰাৰ বাট প্ৰশস্ত হ’ব বুলি তেওঁ মন্তব্য কৰে।

ইপিনে বাংলাদেশেও ভাৰতৰ সৈতে লগলাগি কোভিডৰ ভেকচিন উৎপাদন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

কোভাক্সিন ৰপ্তানি কৰি ভাৰতে বিপুল মাত্ৰাত বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰিব বুলি আশা কৰা হৈছে। এই বাতৰিয়ে সমগ্ৰ মানৱজাতিক উদ্ধাৰ কৰাৰ লগতে এক নতুন দিশলৈ ভাৰতক আগুৱাই লৈ যাব।

Leave A Reply

Your email address will not be published.