এতিয়াৰে পৰা ড্ৰাইভিং লাইচেঞ্চৰ বাবে লাগিব চাৰিত্ৰিক প্ৰমাণ পত্ৰ

0 11,099

অপৰাধ প্ৰৱণতা হ্ৰাস কৰাৰ উদ্দেশ্যে মধ্যপ্ৰদেশৰ পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যখনত ড্ৰাইভিং লাইচেঞ্চ লাভ কৰিবলৈ হ’লে চৰিত্ৰ প্ৰমাণ পত্ৰ হোৱাতো বাধ্যতামূলক ঘোষণা কৰিলে পৰিবহণ বিভাগে।

এতিয়াৰে পৰা মহিলাৰ বিৰুদ্ধে কোনো অপৰাধত দোষী সাব্যস্ত লোকক ড্ৰাইভিং লাইচেঞ্চ প্ৰদান নকৰাৰ কথাও ঘোষণা কৰে ৰাজ্যখনৰ পৰিবহণ বিভাগৰ আয়ুক্তই।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে মাফিয়াৰাজ আৰু গুণ্ডাগিৰী তথা মহিলাৰ বিৰুদ্ধে কৰা অপৰাধৰ ওপৰত মধ্যপ্ৰদেশ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল ।

মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতেই পৰিবহণ বিভাগে ড্ৰাইভিং লাইচেঞ্চৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে ।

ইতিমধ্যে ড্ৰাইভিং লাইচেঞ্চ প্ৰত্যাহাৰৰ নিৰ্দেশ জাৰি কৰিছে পৰিবহণ বিভাগে। অপৰাধ প্ৰৱণতা হ্ৰাসৰ লক্ষ্যৰে ড্ৰাইভিং লাইচেঞ্চ লাভ কৰিবলৈ হ’লে চৰিত্ৰ প্ৰমাণ পত্ৰ দিয়াটো বাধ্যতামূলক ঘোষণা কৰিছে আৰক্ষীয়ে।

এই পদক্ষেপৰ পাছতেই মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা পূৰ্বৰ তুলনাত হ্ৰাস পাব বুলি আশাবাদী ৰাজ্যখনৰ পৰিবহণ বিভাগ। মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক সচেতন জনতাই ।

Leave A Reply

Your email address will not be published.