ভাৰতীয় ক্ৰিকেটৰ বেগী বলাৰ অশোক দিণ্ডাৰ অৱসৰ গ্ৰহণ

0 282

মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেগী বলাৰ অশোক দিণ্ডাই ।

১৫ বছৰ ধৰি বংগ ক্ৰিকেটত অৱদান আগবঢ়োৱা ৩৬ বছৰীয়া দিণ্ডাই ২ ফেব্ৰুৱাৰিত কলকাতাত এখন সংবাদমেল সম্বোধন কৰি অৱসৰ ঘোষণা কৰে।

সোঁহতীয়া বেগী বলাৰ অশোক দিণ্ডাই ২০০৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল।

পৰৱৰ্তী সময়ত দিণ্ডাই ২০১০ চনত জিম্বাবৱেৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিলেখ গঢ়িছিল।

ভাৰতীয় জাতীয় দলৰ হৈ ১৩ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু ৯ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল দিণ্ডাই।

ভাৰতৰ হৈ মাত্ৰ কেইখন মান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশ ল’লেও দিণ্ডাই বংগৰ হৈ বহু অৱদান আগবঢ়াই গৈছে।

৪২০ টা উইকেট দখল কৰা দিণ্ডাই বংগৰ হৈ ১১৬ খন ঘৰুৱা খেলত অংশ গ্ৰহণ কৰিছিল।

চলিত চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত অশোক দিণ্ডাই গোৱাৰ হৈ জীৱনৰ অন্তিমখন খেলত অংশগ্ৰহণ কৰে।

media school
Leave A Reply

Your email address will not be published.