অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল

0 440

উত্তৰ-পূব সীমান্ত ৰে’লৱেই অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে। অহা মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল।

শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰে’লেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে।

বৈদ্যুতিক ৰে’ল চলাচলৰ বাবে দিনে–নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰে’ল বিভাগৰ কৰ্মচাৰীসকলে। ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰি, নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰত উচ্চ ক্ষমতাসম্পন্ন ২২ কে ভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ’ব।

২৪ ঘণ্টাই সজীৱ হৈ থকা এই বৈদ্যুতিক তাঁৰৰ ২ মিটাৰৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কাম কৰা, ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰে’ল বিভাগে।

media school
Leave A Reply

Your email address will not be published.