চূড়ান্ত হ’ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা ।

0 706

  অসমৰ নতুন ৰাজনৈতিক আঞ্চলিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰিলে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। 

GMCHত অখিল গগৈৰ সৈতে আলোচনাত মিলিত হয় এজেপিৰ নেতৃত্ব লুৰীণজ্যোতি গগৈ। অখিল গগৈৰ সৈতে হোৱা আলোচনাৰ পাছতেই মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

সমাগত বিধান সভা নিৰ্বাচনত আঞ্চলিক দলসমূহ একত্ৰিত হৈ ১২৬ টা সমষ্টিতেই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও উল্লেখ কৰে গগৈয়ে।

আগন্তুক নিৰ্বাচনত জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দল তথা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ মাজত প্ৰতিদ্বন্দিতা হ’ব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে। আনহাতে এজেপিৰ কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা নহয় বুলিও উল্লেখ কৰে এজেপিৰ সভাপতিগৰাকীয়ে। 

আগন্তুক নিৰ্বাচনত জাতীয়তাবাদী ভোটসমূহ যাতে অধিকাৰ প্ৰতিষ্ঠাৰ প্ৰতীক হিচাপে বিবেচিত হয় তাৰ উদ্দেশ্যেই ৰাইজৰ দল আৰু এজেপিৰ সন্মিলিত হৈছে বুলি মন্তব্য কৰে সভাপতি গগৈয়ে।

জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ যাতে বিভাজিত নহয় তাৰ প্ৰতিও সকলোকে সচেতন হোৱাৰ আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে। লগতে মিত্ৰতা সন্দৰ্ভত বিপিএফ দলৰ লগত আলোচনা হৈ থকাৰ কথাও প্ৰকাশ লুৰীণ জ্যোতি গগৈৰ।

media school
Leave A Reply

Your email address will not be published.