মুখ্যমন্ত্ৰীৰ সভাৰ পেকেট লাঞ্চ খাই এজনৰ মৃত্যু

0 306

ডিফুত মুখ্যমন্ত্ৰীৰ সভাৰ পেকেট লাঞ্চ খাই এজনৰ মৃত্যু হোৱাৰ লগতে ডেৰ শতাধিক লোক অসুস্থ হৈ পৰিছিল। মঙলবাৰে ডিফুত অনুষ্ঠিত সভাত বিৰিয়ানি খাই অসুস্থ হৈ পৰিছিল এইসকল লোক। অসুস্থসকলৰ ভিতৰত আছিল ২২টা শিশু।

এই ঘটনাত এজন লোকৰ মৃত্যু হয়। লোকজন বকলীয়াঘাট ৰ কাংবুৰা বে’। BJPৰ সদ্যনিযুক্ত এজন পৃষ্ঠা প্ৰমুখ আছিল কাংবুৰা বে’। লোকজন ডিফুৰ অনুষ্ঠানৰ পৰা নিশা ঘূৰি অহাৰ পিছত মূৰ ঘূৰণি হয়। তাৰ পিছত মৃত্যু ঘটে।

প্ৰশ্ন উঠিছে ক’ৰ পৰা যোগান ধৰা হৈছিল এই বিষাক্ত বিৰিয়ানি? শেহতীয়াকৈ পোহৰলৈ আহিছে যে গুৱাহাটীৰ এখন ৰেস্তোৰাঁৰ পৰা যোগান ধৰা হৈছিল মুখ্যমন্ত্ৰীৰ সভাত বিতৰণ কৰা এই বিৰিয়ানি। ‘ৰাছা’ নামৰ ৰেস্তোৰাঁখনৰ পৰা যোগান ধৰা হৈছিল এই বিষাক্ত বিৰিয়ানি।

ডিফুৰ সভাৰ বাবে গুৱাহাটীৰ ৰেস্তোৰাঁৰ পৰা কিয় খাদ্যৰ যোগান ধৰা হৈছিল বুলিও প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন উঠিছে এদিন পূৰ্বেই প্ৰস্তুত কৰা হৈছিল নেকি এই খাদ্য! এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।

Leave A Reply

Your email address will not be published.