মৃত্যুৰ পিছত চাকৰি , প্ৰাদেশীকৰন হ’ল আপোন বিদ্যালয়
আজি অসমৰ সৰ্বত্ৰে শিক্ষকসকলৰ মাজত উচাহৰ ঢল ৷
দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত বুধবাৰে আনুষ্ঠানিকতাৰে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী গৰাকীয়ে হেজাৰ হেজাৰ শিক্ষক-শিক্ষয়ত্ৰীক প্ৰদান কৰিলে নিযুক্তি পত্ৰ ৷
এই নিযুক্তি পত্ৰ বিতৰন কৰে ৷
প্ৰথম তালিকাত বহু শিক্ষকে নিযুক্তি পত্ৰ লাভ কৰিলে যদিও বহু শিক্ষক বাদ পৰি গৈছে ৷
দ্বিতীয় তালিকা ওলোৱালৈ অপেক্ষা কৰিব লগীয়া হৈছে আজি নিযুক্তি নোপোৱা শিক্ষক সকলে ৷
উল্লেখযোগ্য যে প্ৰথম তালিকাত পোৱা দুগৰাকী শিক্ষয়ত্ৰীয়ে মৃত্যুৰ পিছত পালে নিযুক্তিপত্ৰ ৷
প্ৰভাৱতী ৰায় আৰু সোণালী মালী নামৰ দুই শিক্ষয়িত্ৰীয়ে ১৯৯০ চনত ধুবুৰী জিলাৰ আগমনি শিক্ষাখণ্ডৰ অন্তৰ্গত মধ্যপেটেলা গাঁৱত শিক্ষাৰ পোহৰ বিলোৱাৰ মানসেৰে অনুসূচীত জাতি প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল ৷
ইয়াৰে সোণালী মালী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যক সাবটিব লগা হয় আৰু আজি মৃত্যুৰ এবছৰৰ পাছত আজি নিযুক্তিপত্ৰ লাভ কৰে ৷