শিল্পী ৰঞ্জন শইকীয়াই বলুকাত অংকন কৰি স্বাগতম জনালে প্ৰধানমন্ত্ৰী মোদীক

0 391


ঢেকিয়াজুলিলৈ প্ৰধানমন্ত্ৰীক স্বাগতম জনোৱাৰ বাবে বলুকা ভাস্কৰ্যত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকণ কৰিলে বলুকা শিল্পী ৰঞ্জন শইকীয়াই ৷

ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিত প্ৰধানমন্ত্ৰী মোদীক অংকন কৰি স্বাগমত জনাইছে বলুকা শিল্পগৰাকীয়ে। শিল্পীজনৰ সহযোগী হিচাপে আছিল কুলেশ দাস, ঘনশ্যাম নেপাল, যীচু হাজৰিকা, ৰঞ্জন দাহাল, পৰেশ নাথ, যুগল নাথ আৰু জিতুমণি দেৱী ৷
বলুকা শিল্পী গৰাকীয়ে ইয়াৰ পূৰ্বেও বিভিন্ন লোকক অংকন কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭ ফেব্ৰুৱাৰীত আহিব ঢেকিয়াজুলিলৈ ৷ ৰাইজৰ মুখত হাঁহি বিৰিঙাবলৈ প্ৰধানমন্ত্ৰীৰ আগমনে ঢেকিয়াজুলিত এতিয়া উৎসৱমুখৰ পৰিবেশ।

আটক ধুনীয়াকৈ সজাই তুলা হৈছে সমগ্ৰ ঢেকিয়াজুলি নগৰ ৷ সন্ধিয়াৰ ভাগত চাকি বন্তি জ্বলাই প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি চলিছে এতিয়া চাৰিওদিশে ।

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ অহা ৭ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীয়ে ঢেকিয়াজুলিত এখন বিশাল জনসভা সম্বোধন কৰি কেইবাখনো চৰকাৰী আঁচনিৰ শুভাৰম্ভ কৰিব।

media school
Leave A Reply

Your email address will not be published.